শৰতৰ জোনাক
এছ ইছলাম, শিক্ষক, বৰপেটা
শৰতৰ জোনাকী নিশাত
তোমাক লগ পোৱাৰ
একান্ত ইচ্ছাত
ৰৈ আছিলোঁ মই
শেৱালিৰ তলত ।
তোমাৰ অমৰ প্ৰেমত
উগুল থুগুল মোৰ মনত
তোমাৰ হাঁহি মুখ
দেখিলেই মোৰ অন্তৰত
উপলব্ধি হয় স্বৰ্গীয় সুখ ।
তোমাৰ স্নিগ্ধ আভাৰে
গা মোৰ শিহঁৰি উঠে
এচমকা শুভ্ৰ জ্যোতিত
অন্তৰ মোৰ জিলিকে
গোটেই জীৱন আগুৰি
নাপাওঁ মই আহৰি ।
ক’ৰ পৰা ওলালহি
হঠাতে আহিল ভাহি
এটুকুৰা আলসুৱা মেঘ
মোৰ মনত পুহি ৰখা
আশা-আকাংক্ষা বোৰ
নিমিষতে কৰিলে শেষ ।
ক্ষন্তেক আশাৰ ৰেঙনি
তিৰবিৰ তৰাৰ জিলিকনি
জীৱনৰ শেষ সন্ধিয়াত
সজীৱ কৰি তুলিলে
জীয়াই থকাৰ খলকনি।