শৰতৰ কুঁৱলী – ছেলিমা বেগম 

শৰতৰ কুঁৱলী
ছেলিমা বেগম 
নগাঁও 
শৰতৰ পুৱাতে     নীল আকাশত
ফুৰিছে  বগা কুঁৱলী,
সাৱটি আছেই           বুকুৰ মাজত
বগা চাদৰ ওলমি ।
বতাহৰ সতে             কিয়নো  ধেমালি
সৰি পৰে হে ওৰণী,
এটি এটি ছন্দ          মুকুতা মানি হৈ
ধৰাৰ বুকুত উৰি  ।
গছ, লতা, বন             কুঁৱলীৰ মাজে
জীপাল হৈ উঠিছে ,
নিশাটো’তে ফুলা             শেৱালি ফুল যে
কুঁৱলীৰ ভৰ নোৱাৰে ।
দোকমোকালিত             মাটিৰ বুকুত
চিকমিকাই তুলিছে ,
কুঁৱলীৰ পানী             মূৰত লৈ দুবৰি’য়ে
ৰামধেনুৰ ৰং সানিছে।
ঊষাৰ কিৰণ          কুঁৱলীৰ ফাঁকে
পূবে গগণ বেদী ,
ৰবি শস্যৰ হে          উপচি পৰিছে
আগফালে সৱে দেখি।