শৰতৰ এনিশা – সত্যজিৎ গগৈ

শৰতৰ এনিশা
সত্যজিৎ গগৈ,কলিয়াবৰ
সৌৱা শৰতৰ আকাশত কিহৰ মেলা
চাৰিওফালে দেখোন তৰাৰ খেলা
জোনাকী জনীও হয় আত্মহাৰা।
জোনবাইৰ দেশলৈ আহিছে অগণন সখা
সকলোৱে নাচি বাগি হয় মতলীয়া
ৰাতি ফুলা শেৱালিবোৰো দেখোঁ আনমনা।
কৃষ্ণৰ বাঁহীৰ সুৰত ৰাধাও বলিয়া
সকলোতে ৰাসৰ পোহৰেৰে ভৰা
প্ৰকৃতিও আজি চিৰসেউজীয়া।
কুঁৱলীৰ চাদৰ এখন শুদ্ধ্ বগা
যেন প্ৰেমিক হে লেপেটা খাই ধৰা
আজি যে শৰতৰ পূৰ্ণিমা নিশা।