শৰতৰ আগমন -ছেলিমা বেগম

শৰতৰ আগমন 
ছেলিমা বেগম
 নগাঁও
শৰতৰ আগমনৰ বাৰ্তা পাই ,
শুকুলা মেঘে আকাশ ফৰকাল কৰিছে ।
স্নিগ্ধ জোনাকত নৈসৰ্গিক দৃশ্য দেখি
মন-প্ৰাণ শীতল কৰি দিছে
নৈৰ পাৰত কঁহুৱা ফুলৰ হাঁহি
কি যে মনোমোহা শৰৎ ঋতুত।
নৈৰ বুকুত ঢৌ তুলি নাচিছে
কঁহুৱা ফুলে বগা শাৰী পৰিধান কৰি
শৰতৰ বাতৰি দিলে।
শৰতৰ আগমনৰ বাৰ্তা পাই
শেৱালি, বকুলি সুঘ্ৰাণ বিলাই দিয়ে
চৌদিশে আমোলমোল শৰৎ ঋতুত।
শৰতৰ সন্ধিয়া আলিগংন কৰে
শেৱালি ফুলৰ গোন্ধৰ লগত
তাকে চাই চাই হাঁহি থাকে
জোনবাই তৰাৰ লগত।
ওৰেটো নিশা উজাগৰে থাকি
নিয়ৰৰ ভৰ সহিব নোৱাৰি
দোকমোকালি শুই পৰে মাটিৰ বুকুত।
শৰতৰ প্ৰেয়সী নিয়ৰ টোপ টোপ পৰে
দুবৰি ঘাঁহনিৰ ওপৰত ৷
ঊষাৰ কিৰণে দুবৰিৰ ওপৰত দিয়ে
ৰামধেনুৰ সাতোটা ৰং সানি।
মনি মুকুতা হৈ জিলিকি থাকে
শৰতৰ দোকমোকালি বেলি।
শৰতৰ আগমনৰ বাৰ্তা পাই
শাৰদীয় ৰাণী আহিছে পূজাৰ বাৰ্তা লৈ
মা দূৰ্গা আহিব
স্বৰ্গৰ পৰা মৰ্ত্যলৈ আশীৰ্বাদ দিবলৈ।