শৰতৰ আগমন – উৰিস্মা নাথ 

শৰতৰ আগমন

উৰিস্মা নাথ 
গৰুখুটি (দৰং)

কোমল মলয়াত আহিনৰ আঁচল উৰুৱাই
নিৰৱে নিতালে ঋতুৰাণী শৰৎ আহিছে,
কঁহুৱাবোৰেও বগা সাজ পিন্ধি
উলাহতে মিচিকিয়াই হাঁহিছে।
নৈপৰিয়া গৰাৰ কিৰীলি শুনি
হালি জালি নাচিছে কঁহুৱা বিৰিণাই,
হেঙুলীয়া আকাশৰ ৰূপালী জোনটোৱে,
দশোদিশ সামৰি শুভ্ৰ কৰি তুলিছে।
স্নিগ্ধ জোনাকৰ অভ্ৰান্ত্ৰ পোহৰ বুকুত সাবটি,
জোনাকী পৰুৱাই মাৰিছে পোহৰৰ মেল,
বতাহৰ তালে তালে প্ৰকৃতিয়ে কৰিছে তাণ্ডৱ নৃত্য।
শৰতৰ বোকোচাত উঠি ধৰাৰ বুকুলৈ
শাৰদী ৰাণী শেৱালি উজাই আহিছে,
হৃদয়ৰ নিভৃত কোণত লুকাই থকা
অজস্ৰ মৰম ভালপোৱা লৈ।
শাৰদীয় শেৱালিৰ প্ৰেম দেখি,
আজি কুঁৱলীও হৈ পৰিছে প্ৰেমোন্মাদ।
শৰতৰ প্ৰথম টোপাল কুঁৱলীয়ে,
শেৱালি ৰানীক পিন্ধাইছে মুকুতা মণি।
শ্যামলী পাতৰ ওৰনি গুচাই শেৱালিয়ে,
শাৰদী সন্ধিয়া বিলাইছে মধুৰ সুবাস।
দূৰ্গাদেৱীৰ আগমনৰ বতৰা পাই,
মাতৃ মেনকাৰ হৃদয় জুৰাইছে।
মেঘাচ্ছণ্ণ আকাশত বাজিছে মাদল,
মৃত্যুৰ যান্ত্ৰনাত মহিষাসুৰৰ কঁপিছে বুকু।
প্ৰভাতৰ কাঁচিয়লি ৰ’দত নিয়ৰ সৰিছে,
নিয়ৰত স্নান কৰি সেউজীয়া চোলা পিন্ধি
সেউজ দুবৰি বনে কৈছে ৰিঙিয়াই ,
এয়া ধৰালৈ শৰতৰ আগমন ঘটিছে।
সকলো যেন জ্যোৎস্না-বিধৌত নিশাৰ
ৰিক্ত হিয়া সিক্ত কৰি তোলা প্ৰেমাস্পদ,
শাৰদী গভীৰ নিশাৰ অভিশাৰিতা।