শৰতৰ আগমনত – সুশীলা কলিতা

Pc- Wikimedia Commons

শৰতৰ আগমনত

সুশীলা কলিতা,শুৱালকুছি

সজল ধৰা কঠীয়াৰ সেউজ হাঁহিটো চাই
খেতিয়কে আনন্দতে সপোনৰ দিক্‌ছৌ বনত
আশাৰ চাকিটি জ্বলাই , নীৰৱ নিশা
কঁহুৱাৰ নাচোনত শৰতলৈ মনত কৰে —–
দূবৰি বনৰ মুকুতাৰ মালা আৰু শেৱালি ফুলৰ
ভূৱন ভুলোৱা হাঁহিত , স্নিগ্ধ আকাশৰ
জোনটোৱেও ৰৈ যাব খোজে ।

শাৰদীয় আনন্দত ঘোষা-পদ গাই-গাই
খেতি-পথাৰৰ অপৰূপ দৃশ্যৰ পাৰভঙা আনন্দত ,
নিজকে পাহৰি , নীলিম আকাশৰ তলৰ
জোন জ্বলা চোতালত বহি , আনন্দতে ,
গুৰুজনাৰ নাট-ভাঁওনাৰ সাধু কোৱাত
লাগি যায় পুত্ৰ-বোৱাৰী , নাতি-নাতিনী হঁতৰ
আশাসুধীয়া মনৰ হেঁপাহ পলোৱাৰ বাবে ।