শ্ৰেষ্ঠ স্বচ্ছতাৰ দিশাত আগবাঢ়ি শিলচৰ পৌৰ নিগম;
স্বচ্ছ সৰ্বেক্ষণ ২০২৪-ত ওডিএফ+ স্বীকৃতি আৰু গাৰ্বেজ ফ্ৰী চিটি ১-ষ্টাৰ ৰেটিং লাভ, ৰাজ্যৰ শীৰ্ষ চাৰিখন নগৰৰ অন্যতম শিলচৰ
শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা- শহৰৰ বুকুত লিখা হ’ল উন্নয়ন আৰু স্বচ্ছতাৰ এক উজ্জ্বল অধ্যায়। শিলচৰ পৌৰ নিগমে ভাৰতৰ সৰ্ববৃহৎ নগৰ স্বচ্ছতা সমীক্ষা স্বচ্ছ সৰ্বেক্ষণ ২০২৪-ত লাভ কৰিলে ওডিএফ+ (Open Defecation Free Plus) স্বীকৃতি আৰু গাৰ্বেজ ফ্ৰী চিটি ৰূপে ১-ষ্টাৰ ৰেটিং, যি এক গৌৰৱজনক সফলতা।
এই গুৰুত্বপূর্ণ স্বীকৃতিৰে শিলচৰে অসমৰ শীৰ্ষ চাৰিখন নগৰৰ ভিতৰত স্থান লাভ কৰিলে। ৪,০০০-তকৈ অধিক নগৰৰ মাজত শিলচৰে ৪৭০তম স্থান অধিকাৰ কৰি দেখুৱালে যে, আগতে মাত্ৰ এটা সাধাৰণ পৌৰ ব’ৰ্ডৰ অন্তৰ্গত থকা নগৰখন এতিয়া পৰিবেশ-পৰিৱৰ্তন আৰু নাগৰিক সুবিধাৰ ক্ষেত্ৰত দ্ৰুত আগবাঢ়িছে।
এই সফলতাৰ মূলত ভিত্তি শিলচৰ পৌৰ নিগমৰ দূৰদৰ্শিতা, কঠোৰ পৰিশ্ৰম, আৰু নাগৰিকসকলৰ সচেতন অংশগ্ৰহণ। এই নিগমৰ নেতৃত্বত সদ্য নিযুক্ত আয়ুক্ত শ্ৰীমতী সৃষ্টি সিং, আই.এ.এ.চে যিসকলে সমগ্ৰ দলেৰে একেটা লক্ষ্য লৈ কাম কৰি থাকিছে।
এই উপলক্ষে অসম চৰকাৰে গুৱাহাটীত আয়োজন কৰা সংবর্ধনা অনুষ্ঠানত ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাই আয়ুক্ত সৃষ্টি সিংৰ হাতত ৰাজ্যিক ম্যাসকট আৰু প্ৰশংসা পত্ৰ অৰ্পণ কৰে। এই মুহূর্তটো কেৱল শিলচৰৰ বাবে নহয়, বৰং সমগ্ৰ বৰত উপত্যকাৰ বাবে এক গৌৰৱৰ খণ।
উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ বিষয়ক মন্ত্ৰণালয়ে সমীক্ষাটো তৃতীয় পক্ষৰ জৰিয়তে সম্পূৰ্ণ নিৰপেক্ষভাৱে মূল্যায়ন কৰে। শহৰৰ শৌচ ব্যৱস্থা, কঠিন বর্জ্য ব্যৱস্থাপনা, নিকাশি ব্যৱস্থা, ফিকাল স্লাজ ট্ৰিটমেন্ট আৰু নাগৰিক সঁহাৰি আদিৰ আধাৰত নিৰ্ধাৰণ কৰা হয় এই রেটিং।
এই প্ৰসংগত শ্ৰীমতী সৃষ্টি সিঙে কয়, “এই সাফল্য কেৱল শিলচৰ পৌৰ নিগমৰ নহয়, এইটো আমাৰ সকলো নাগৰিকৰ। আমাৰ দল, কৰ্মচাৰী আৰু প্ৰতিটো গৃহবাসীৰ অবিৰাম সহায়, সচেতনতা আৰু সমৰ্থনে এই সন্মান আগবঢ়াইছে। আমি আগন্তুক দিনত এই শ্ৰেষ্ঠতা অটুট ৰাখি শিলচৰক আৰু উন্নত আৰু বাসযোগ্য কৰি তুলিম।”
শহৰত চলি থকা নিয়মীয়াভাৱে ক্লিনলাইন অভিযান, উন্নত পাব্লিক টয়লেট ব্যৱস্থা, সুশৃঙ্খল বর্জ্য প্ৰসেছিং আৰু নাগৰিক সম্প্ৰেষণৰ ফলস্বৰূপেই এই ধৰণৰ মান্যতা আহিছে।
শিলচৰ পৌৰ নিগমৰ এই অগ্ৰগতি নিশ্চিতভাৱে বৰত উপত্যকাৰ নগৰ বিকাশৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে বিবেচিত হ’ব।