শ্ৰেষ্ঠ ঋতুঃ বসন্ত – নিৰ্মালি বৰা হাজৰীকা

শ্ৰেষ্ঠ ঋতুঃ বসন্ত 

নিৰ্মালি বৰা হাজৰীকা,নগাঁও

বসন্ত ঋতু ছয় ঋতুৰ ভিতৰত শ্ৰেষ্ঠ ঋতু সেইবাবে ইয়াক ঋতুৰাজ বুলি কোৱা হয়।প্ৰকৃতিয়ে মনোমোহা ৰূপ লৈ এই ঋতুতেই। শীতৰ শেষত শুকানপাত সৰি গছলৈ ন -কুঁহিপাত আহে।গছে -বনে ,ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে।বসন্ত ঋতু ফাগুণ মাহৰ শেষ ভাগৰপৰা আৰম্ভ হৈ সম্পূৰ্ণ চ’ত আৰু ব’হাগ মাহৰ  শেষলৈকে বসন্তকাল অনুভূত হয়।এই কালছোৱা বৰ সুন্দৰ আৰু আনন্দ দায়ক সময়।বেছি ঠাণ্ডা ও নহয় গৰমো নহয়।পাতলীয়া বৰষুণে ধৰিত্ৰী জীপাল কৰি তোলে।এই সময়ত শীতকালত শীতনিদ্ৰাত থকা জীৱ সমূহে সাৰ পায়।এই সময়ত বহু জীৱ-জন্তু যৌন মিলনত লিপ্ত হয়।কুলি-কেতেকীৰ মধুৰ মাতে অসমৰ পৰিৱেশ নান্দনিক কৰি তোলে।কুলিৰ মিলনৰ সময়ো এই ঋতূুতেই হয় বাবে কুলিয়ে মাতি থাকে।কপৌফুল ফুলে।বিভিন্ন প্ৰজাতিৰ অৰ্কিড ফুল ফুলে।অসমৰ হাবিত বিভিন্ন ফুল ফুলা দেখা যায় ।তাৰে কেইটামান নাম হ’ল–শিমলু,পলাশ, কাঞ্চন, তগৰ, খৰিকাজাই, কপৌ।অশোক ফুল, ঘোড়ানিম। মুচকুন্দ, দেবদাৰু, ৰুদ্ৰ পলাশ, ইউক্যালিপটাছ, নাগেশ্বৰ।শালগছৰ ফুল, ভাটৌফুল, চম্পা, কেতেকীফুল ,মণিমালা, স্বৰ্ণশিমলু, কেতকীফুল, গমাৰী, মহুৱা, ক্যামেলিয়া আদি।

বসন্তকালত কৰা পাচলি হ’ল–জিকা, ভেণ্ডি, তিয়হ, স্কোৱাচ, জাতিলাও, লেচেৰামাহ,বিলাহী,চজিনা,বীণ আদি।সেউজীয়া শাক –খুতুৰা,মৰলীয়া,ভতুৱা,জিলমিল ,মানিমুনি হোৱা দেখা যায়।ফলৰ ভিতৰত বগৰী, তৰমুজ, চিৰাল, আদি হয়।আমে মলিয়ায়।কঁঁঠালে মুচি পেলায়।

অসমীয়া জাতিৰ নতুন বছৰ  ব’হাগ মাহৰ আৰম্ভণি হয়।হেপাহৰ ব’হাগ বিহুটি অতি উলহ-মালহেৰে পালন কৰে প্ৰতিজন অসমীয়াই।ৰংৰ উৎসৱ হোলিও বসন্ত ঋতুতেই পালন কৰা হয়।

এই বসন্ত ঋতুৱে প্ৰকৃতিৰ বুকুলৈ মানুহৰ জীৱনলৈ নতুন প্ৰাণৰ সঞ্চাৰ কৰে।