শ্ৰী শ্ৰী ইশ্বৰ ন-সত্ৰ ,শুৱালকুছি প্ৰতিষ্ঠা দিৱস উদযাপন 

শ্ৰী শ্ৰী ইশ্বৰ ন-সত্ৰ ,শুৱালকুছি প্ৰতিষ্ঠা দিৱস উদযাপন 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি, ৰঙিলী বাৰ্ত্তাসেৱা-“আধ্যাত্মিক ভাবধাৰাই কৰেই সংযমী একান্ত বোধেই জীৱনৰ শান্তি “। শুৱালকুছিৰ অন্তৰ্গত অন্যতম ধৰ্মীয় অনুষ্ঠান  শ্ৰী শ্ৰী ইশ্বৰ ন-সত্ৰ  (হনুমান মন্দিৰ)ইং-১৮৭৫ খৃঃ ১২৮২ভাস্কৰাব্দ  সমূহ ৰাইজ  একত্ৰিত হৈ এই নামঘৰটো স্থাপন কৰে।তেতিয়াৰে পৰা সমূহ বাপ বান্ধৱ আই সকলে পুৱা-গধূলি নাম প্ৰসঙ্গৰে  অঞ্চলটো আধ্যাত্মিকতাৰ ভাবধাৰাই  গোটেই ঠাইখনেই পবিত্ৰ কৰি আহিছে । হনুমান মন্দিৰ হিচাপে  জন সমাজত পৰিচিত এক বিশেষ ঐতিহ্য বহন কৰি আহিছে। জন বিশ্বাস অনুসৰি শুৱালকুছি উপৰিও তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোক সকলে নিজৰ মনোকামনা পূৰণৰ  অৰ্থে এই মন্দিৰত কলৰ ঠোক  নৈবদ্য আগবঢ়াই অহা তাহানিৰ পৰা এতিয়ালৈকে দেখি আহিছোঁ। প্ৰতি দিনে পাঁচ ছয় ঠোকলৈকে কল আগবঢ়াই ভক্তসকলে  সেৱা এভাগ জনায়। মাঘ মাহত  ভোগালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে আধ্যাত্মিক ভাবৰ সংযোগে ঘটায়। বিগত  বছৰ বোৰৰদৰে এইবেলিও   মাঘ মাহৰ ৪আৰু   ৫ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে হনুমান   মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন  হয়।   নাম প্ৰসঙ্গ আদি কৰি  ভাগৱত শোভাযাত্ৰা সকলো অনুষ্ঠানত বৃহত্তৰ  গাঁওখনৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। মাঘৰ ৫তাৰিখে সকলোকে এসাজ নিৰামিষ আহাৰে আপ্যায়ন কৰে।