শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ – অনামিকা (সংগীতা)কলিতা

Pc-Mridu's Jewel of Wisdom - WordPress.com

শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

কেশৱ কৃষ্ণ কৰুণা সিন্ধু
ত্ৰাহি জগন্নাথ অনাথ বন্ধু।

মুক্তিতো নিস্পৃহ যিটো               সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।

শ্ৰীমদ্ ভাগৱতৰ দশম স্কন্ধৰ ঊনত্ৰিশ অধ্যায়ৰ পৰা তেত্ৰিশ অধ্যায়লৈ লেখা আছে, শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীয়াৰ বৰ্ণনা মূৰ্তিৰ সহায়ত প্ৰদৰ্শন কৰা হয় ।কিছুমান ঠাইত জীৱন্ত ৰাস মহোৎসৱ পালন কৰে ।এই দৃশ্যবিলাকত আধ্যাত্মিকতাৰ ভাৱ পূৰ্ণ মাত্ৰাই বিদ্যামান ।ৰাসৰ জৰিয়তে মানুহৰ মনত শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন কৰি আধ্যত্মিকতাৰ ভাৱধাৰা গঢ়ি তোলা হয় ,যাতে মানুহখিনি সৎ পথত থাকি একতাৰ বান্ধোনত এখন সুস্থ- সমাজ ব্যৱস্থাৰে প্ৰচলিত হয় কাৰণ শুদ্ধপথত সমাজখনক ৰখাৰ দায়িত্ব সকলোৰে।

জনমানসত এক পবিত্ৰ হৃদয়ৰ স্থান আছে প্ৰভু শ্ৰীকৃষ্ণৰ। ভগৱান শ্ৰীকৃষ্ণৰ ষোল্ল হাজাৰ গোপিনীৰ সৈতে নিস্বাৰ্থ প্ৰেম আছিল ,সেই কথা সুন্দৰ ভাৱে ভাগৱত আৰু অনেক ধৰ্মীয় গ্ৰন্থত পঢ়িবলৈ পাইছোঁ ।শ্ৰীকৃষ্ণৰ  বাঁহীৰ সুৰত মোহিত হয়  গোপিনী সকলেও  সকলো পাহৰি যোৱা। ইয়াকে বুজাই ভক্ত আৰু ভগৱানৰ মাজত থকা এক আত্মীক বান্ধোন ।ভক্ত ভগৱানৰ কাৰণে শ্ৰেষ্ঠ।

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ৰাসমহোৎসৱ পালন কৰে ।শ্ৰীকৃষ্ণৰ জন্ম স্থান -মঠুৰা বৃন্দাৱনটো অলেখ ধুমধামেৰে পালন কৰে ।আমাৰ অসমৰ বৰপেটা হাউলী ,নলবাৰী ,মাজুলী ,পলাশবাৰী ইত্যাদি ঠাইতো শ্ৰীকৃষ্ণৰ মহোৎসৱ পালন কৰে ।মাজুলীত জীৱন্ত ৰাস উদযাপন কৰে।

১৯৯৩-৯৪চনৰ ২নৱেম্বৰত আমাৰ গাঁও  শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ বালিচৰত প্ৰথম ৰাস  শুভাৰম্ভ হৈছিল ।শ্ৰীকৃষ্ণৰ লীলাৰ প্ৰতিটো দৃশ্য শিল্পীৰ মৃন্ময় প্ৰতিমাত খুব সুন্দৰকৈ সজাই পৰাই তোলে ।শৰৎৰ পূৰ্ণিমাৰ বিতোপন নিশা প্ৰভুৰ আধ্যাত্মিক দিশটো আমাৰ জনমানসত প্ৰতিফলিত হয় ৰাসৰ মাজেৰে।   বৰ্তমানো শুৱালকুছিবাসী  সকলো শিল্পী  ব্যস্ত আছে ৰাস মহোৎসৱ উদযাপন কৰাৰ প্ৰস্তুতিত—-  প্ৰভু ভগৱন্তই সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই আনক।

হে প্ৰভু সনাতম গোপীৰ সঙ্গে কৰে ৰাস লীলা
জগতক তুমি প্ৰভু মায়াৰে বান্ধিলা ।।