শ্ৰীৰামকৃষ্ণ মিছন সেৱাশ্রমৰ চিকিৎসালয়লৈ ৫ কোটি অনুদান মুখ্যমন্ত্ৰীৰ

শ্ৰীৰামকৃষ্ণ মিছন সেৱাশ্রমৰ চিকিৎসালয়লৈ ৫ কোটি অনুদান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিলচৰৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়ত নতুন ক্রিটিকেল কেয়াৰ ব্লক নিৰ্মাণৰ শিলান্যাস কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আভাষীয়ভাৱে শিলচৰ আৱৰ্ত ভৱন নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে এছ এম দেৱ অসামৰিক চিকিৎসালয়খনত ৫০খন বিছনাযুক্ত নতুন ক্রিটিকেল কেয়াৰ ব্লক ৬,৩৩৫ বর্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। জি প্লাছ ৪ এই ভৱনৰ তলৰ মহলাত অপেক্ষা কৰা ঠাই, আৰক্ষী চকী, অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় আৰু মৰ্গ, প্রথম মহলাত আইছ’লেচন বার্ড আৰু ৱেইটিং লাউঞ্জ, দ্বিতীয় মহলাত এমচিএইচ বাৰ্ডত এলডিআৰ ইউনিট, অ’টি আৰু ডায়েলাইছিছ ৰুম, তৃতীয় মহলাত থাকিব অপাৰেচন থিয়েটাৰ, থেৰাপিউটিক ডায়েট কম আৰু ভৱনৰ চতুৰ্থ মহলাত ৪খন বিছনাযুক্ত শিশু চিকিৎসা ৱাৰ্ড আৰু ১২খন বিছনাযুক্ত ৱার্ড সন্নিৱিষ্ট কৰা হৈছে। আনহাতে ৩২টা কোঠাৰে ১৪.২৫ বিঘা এলেকা সামৰি নিৰ্মাণ কৰিবলগীয়া আৱৰ্ত ভৱনটোত ১০টা এক্সিকিউটিভ ৰুম, ১০টা ডিলাক্স ৰুম আৰু দুটা ভিভিপি ছুইট ৰুম থাকিব। ইয়াৰ উপৰি ছিকিউৰিটী বেৰেক তথা ড্ৰাইভাৰ থকাৰ সুবিধা আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ আৱাস নির্মাণ কৰা হ’ব। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে বৰাক উপত্যকাৰ আন্তঃগাঁথনি আৰু চিকিৎসা সেৱাৰ সা-সুবিধা বৃদ্ধিত এই প্রকল্প দুটাই বিশেষ ভূমিকা গ্রহণ কৰিব। মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে শিলচৰত ২০০খন বিছনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। তদুপৰি যান-জটৰ সমস্যা লাঘৱ কৰিবলৈ শিলচৰত এখন উৰণ সেতু নির্মাণৰো পৰিকল্পনা লোৱা হৈছে। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিলচৰস্থিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবার্ষিকী উদযাপন অনুষ্ঠানৰ লগতে শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনির্মিত সার্বজনীন মন্দিৰ উদ্বোধনৰ কাৰ্যসূচীতো অংশগ্রহণ কৰে। উল্লেখ্য যে শ্ৰীশ্ৰীৰামকৃষ্ণ পৰমহংসদেৱ আৰু শ্ৰীশ্ৰীসাৰদা মাতৃৰ শিক্ষা অনুকৰণ কৰি সমাজত আধ্যাত্মিকতা প্ৰচাৰৰ প্ৰচেষ্টাত ৰামকৃষ্ণ মিছনে এক বিশেষ স্থান দখল কৰিছে। ৰামকৃষ্ণ মিছনে ভাৰতীয় সমাজত এক বিশেষ স্থান দখল কৰি আহিছে। আধ্যাত্মিক চেতনা আৰু মানৱীয় সেৱাৰ ক্ষেত্ৰত ৰামকৃষ্ণ মিছনৰ কাম-কাজে বিশ্বৰ অগণন লোকক অনুপ্রাণিত কৰিছে। আজি শিলচৰত অনুষ্ঠিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত শতবার্ষিক উদ্যাপনত অংশগ্ৰহণ কৰি বেলুৰ মঠ, ৰামকৃষ্ণ মঠ আৰু মিছনৰ অধ্যক্ষ স্বামী গৌতমানন্দজী মহাৰাজৰ উপস্থিতিত নৱনিৰ্মিত মন্দিৰটো ৰাইজৰ বাবে উছর্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই কয় যে আধ্যাত্মিক জ্ঞান আৰু মানৱীয় সেৱাৰ ক্ষেত্ৰত ৰামকৃষ্ণ মিছনৰ কামে সমগ্ৰ বিশ্বৰ অগণন লোকক অনুপ্রাণিত কৰিছে। ৰামকৃষ্ণদেৱৰ নৱনিৰ্মিত মন্দিৰ উছৰ্গা কৰিবলৈ পাই নিজে ধন্য হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰামকৃষ্ণ পৰমহংসৰ জীৱন দৰ্শনৰ ওপৰতো বক্তব্য প্রদান কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰামকৃষ্ণ সেৱা আশ্ৰমত এখন দাতব্য চিকিৎসালয়ৰ বাবে পাঁচ কোটি টকাৰ অনুদান ঘোষণা কৰে। তদুপৰি মন্দিৰ উন্নয়নৰ বাবে চাৰি কোটি টকাৰ অনুদানৰ ঘোষণাও কৰে তেওঁ। এই অনুষ্ঠানত স্বামী গৌতমানন্দজী মহাৰাজ আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এখন স্মৃতিগ্রন্থও উন্মোচন কৰে। মুখ্যমন্ত্রী ড° শর্মাই ভাষণ প্রসংগত ৰামকৃষ্ণ সমগ্র বিশ্বত ধর্মীয় সংহতিৰ প্ৰবক্তা হিচাপে পৰিচিত বুলিও  উল্লেখ কৰে। তেওঁ ব্যক্তিগত অভিজ্ঞতা আৰু সাধনাৰ জৰিয়তে প্ৰমাণ কৰিছিল যে ধৰ্মসমূহৰ আচাৰ-অনুষ্ঠান আৰু মতবাদত পার্থক্য থাকিলেও সকলো ধর্মই একেটা চূড়ান্ত সত্যলৈ গতি কৰে। বহুত্ববাদত শিপাই থকা তেওঁৰ দৃষ্টিভংগীয়ে প্রচলিত ধর্মীয় সংঘাতৰ মাজত বিশ্ব শান্তিৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। ৰামকৃষ্ণ পৰমহংসদেৱৰ জীৱন আৰু শিক্ষাই আমাক আধ্যাত্মিক পূর্ণতা, বিশ্বজনীন সমন্বয় আৰু নৈতিক সততাৰ দিশে পথ প্ৰদৰ্শন কৰি আহিছে বুলিও মুখ্যমন্ত্ৰী ড° শর্মাই উল্লেখ কৰে।