শ্ৰীৰমেন ডেকাৰ দ্বাৰা ৰা: উ: আৰু ৰূ: আয়োগৰ সমৃদ্ধি কুকুৰা পালন আঁচনিৰ অধীনত কুকুৰা বিতৰণ

শ্ৰীৰমেন ডেকাৰ দ্বাৰা ৰা: উ: আৰু ৰূ: আয়োগৰ সমৃদ্ধি কুকুৰা পালন আঁচনিৰ অধীনত কুকুৰা বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দি ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ “Samriddhi Poultry” আঁচনিৰ অধীনত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু গৱেষনা বিভাগৰ দ্বাৰা কাৰ্যকৰী কৰা এটি অনুষ্ঠানত আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰিয়াঘূলি গাওঁত ৩০ গৰাকী মহিলাক প্ৰথম বাৰৰ বাবে ৫০টাকৈ কণী পৰা কুকুৰা প্ৰদান কৰে আয়োগৰ উপাধ্যক্ষ শ্ৰীৰমেন ডেকাই। কুকুৰাৰ লগতে ৩০টাকৈ কুকুৰাগৃহও উন্মোচন কৰি শ্ৰীডেকাই মহিলা স্বাৱলম্বিকতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। দৈনিক লক্ষ্য লক্ষ্য টকাৰ কণী অসমৰ বাহিৰৰ পৰা আমদানী কৰাৰ কথা উল্লেখ কৰি শ্ৰীডেকা দেৱে এনেধৰণৰ আঁচনিৰ মাধ্যমেৰে আমাৰ গাওঁৰ মহিলা সকলে নিজকে স্বাৱলম্বি কৰাৰ লগতে ৰাজ্য খনৰ অৰ্থনীতিলৈও বৰঙণি আগবঢ়াব পাৰিব বুলি আশা প্ৰকাশ কৰে। সভাত উপস্থিত থাকি আয়োগৰ সহঃ উপাধ্যক্ষ শ্ৰীধ্ৰুৱ প্ৰসাদ বৈশ্যদেৱে উক্ত আঁচনিখনৰ যোগেদি নিজৰ আৰ্থিক ভেটি সৱল কৰাৰ মাধ্যমেদি এখন আদৰ্শ গাওঁ গঢ়ি তোলাৰ ওঁপৰত গুৰুত্ব প্ৰদান কৰি কয় যে- যাতে ইয়াৰ দ্বাৰা ওঁচৰৰ গাওঁ সমূহেওঁ কাম কৰিবৰ বাবে অনুপ্ৰাণিত হয়। অসম কৃষি বিশ্ব বিদ্যালয় আৰু পশু চিকিত্সা মহাবিদ্যালয়ৰ হৈ ডাঃ নিৰঞ্জন কলিতা, ডাঃ অতুল বুঢ়াগোহাঞি আদিৰ উপৰিও সোনাপুৰৰ চক্ৰ বিষয়া শ্ৰীগোপাল শৰ্মা আৰু ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ বিষয়বৱীয়া সকলও উপস্থিত থাকে।