শ্ৰীশ্ৰী ঈশ্বৰ নসত্ৰ (হনুমান)মন্দিৰত ইং ২০২৬ চনৰ জানুৱাৰী ১৮/১৯/২০ ৪,৫,৬মাঘত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫০তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- ভক্তিৰসত প্ৰৱাহিত শ্ৰীশ্ৰী ঈশ্বৰ নসত্ৰ (হনুমান ) মন্দিৰ নামেৰে পৰিচিত। বিগত বৰ্ষৰ দৰে এইবেলিও ৪/৫/৬মাঘ ইং 2026-18,19,20 জানুৱাৰী তিনি দিনীয়াকৈ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিব কিন্তু এইবাৰ বৰ্ণাধ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে ।ডিচেম্বৰৰ 20/12/2025তাৰিখৰ পৰাই বিভিন্ন প্ৰতিযোগিতা আদিৰ কাৰ্য্যসূচী হাতত লৈছে।সেই হিচাপে বিভিন্ন বিভাগৰ সমিতি গঠন কৰি দায়িত্ব দিছে। মহিলা আইমাতৃ সকলকো দায়িত্ব দিছে।১৫০তম প্ৰতিষ্ঠা দিৱসতো আধ্যাত্মিক ভাব থকাৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিবহন কৰি তুলিবলৈ বৰ্ণিল শোভাযাত্ৰা আদিৰ ব্যৱস্থা কৰিছে। স্মৃতি সংৰক্ষণ কৰাৰ কাৰণে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কথাও সমিতিয়ে অৱগত কৰিছে।
