শ্ৰীলংকাত বাস কৰা ভাৰতীয়সকলক উচ্চআয়োগৰ ওচৰত বিৱৰণ পঞ্জীয়ন কৰিবলৈ অনুৰোধ

শ্ৰীলংকাত বাস কৰা ভাৰতীয়সকলক উচ্চআয়োগৰ ওচৰত বিৱৰণ পঞ্জীয়ন কৰিবলৈ অনুৰোধ

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চআয়োগে বৰ্তমান শ্ৰীলংকাত বাস কৰি থকা সকলো ভাৰতীয় নাগৰিকক hcicolombo.gov.in/registration তেওঁলোকৰ বিৱৰণ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে। উচ্চ আয়োগে প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীসকলৰ বাবে পৃথক পঞ্জীয়ন লিংক জাৰী কৰিছে। শ্ৰীলংকা এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ ফলত খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ সৃষ্টি হৈছে।