শ্ৰীলংকাত প্ৰচণ্ড বৰষুণৰ ফলত ১৩২ জনৰ মৃত্যু

শ্ৰীলংকাত প্ৰচণ্ড বৰষুণৰ ফলত ১৩২ জনৰ মৃত্যু

 ৰঙিলী বাৰ্ত্তাসেৱা- দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত ডিটৱাহ ঘূ্ৰ্নিবতাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড বৰষুণ আৰু বানৰ ফলত  এতিয়ালৈকে ১৩২জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫০জনৰো অধিক লোক সন্ধানহীন হৈ আছে । দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰৰ সঞ্চালকপ্ৰধানে সদৰী কৰা মতে এসপ্তাহজোৰা প্ৰচণ্ড বৰষুণত দেশখনৰ বহু ঠাইত ঘৰ-দুৱাৰ ধ্বংস হোৱাৰ পিছত ৪০ হাজাৰৰো অধিক লোকক চৰকাৰী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰাৰ লগতে সাহায্য অভিযান অব্যাহত ৰখা হৈছে ।  বুধবাৰে স্থলভাগত প্ৰৱেশ কৰা ঘূ্ৰ্ণিবতাহে সমগ্ৰ দ্বীপৰাষ্ট্ৰখনত অভিলেখ পৰিমাণৰ বৰষুনেৰে আতংকৰ সৃষ্টি কৰে । দ’ অঞ্চলসমূহত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত নৈপৰীয়া লোকসকলক তাৎক্ষণিকভাৱে উদ্ধাৰৰ নিৰ্দেশ দিয়া হয় । কলম্বোকে ধৰি বহু ঠাইত বৰষুণ শেহতীয়াকৈ হ্ৰাস পালেও উত্তৰ অংশত ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি পায় । ইফালে শ্ৰীলংকাৰ বিৰ্পযয়ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰখনৰ উদ্ধাৰৰ বাবে সহায়ৰ হাত আগঢ়াইছে । বিধ্বংসী ঘূৰ্ণিবতাহত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সশস্ত্ৰ বাহিনী আৰু সামৰিক হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলোৱা আশ্বাস দিয়ে । সেই হিচাপে ভাৰতে অপাৰেচন সাগৰ শীৰ্ষক অভিযানেৰে শ্ৰীলংকাৰ ক্ষতিগ্ৰস্ত  অঞ্চলত ভাৰতীয় সেনাৰ জৰিয়তে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।