শ্ৰীলংকাত আবদ্ধ ভাৰতীয় নাগৰিকক বায়ুসেনাৰ বিমানেৰে উদ্ধাৰ

Pc Business Standard

শ্ৰীলংকাত আবদ্ধ ভাৰতীয় নাগৰিকক বায়ুসেনাৰ বিমানেৰে উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শ্রীলংকাত ঘূর্ণিবতাহ দিত্বাহ(Ditwah)ৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ধুমুহা, মুষলধাৰে বৰষুণ আৰু ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। এনে পৰিস্থিতিত শ্রীলংকাত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্বদেশলৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে। তাৰ অংশ হিচাপে শ্ৰীলংকাত আবদ্ধ হৈ থকা ২০০ৰো অধিক ভাৰতীয় নাগৰিকক দেওবাৰে ভাৰতীয় বায়ুসেনাই শ্রীলংকাত আবদ্ধ ২০০ৰো অধিক ভাৰতীয় নাগৰিকক বিশেষ উৰণৰ মাধ্যমেৰে কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ স্থানান্তৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্রই জনোৱা মতে, কলম্বোৰ পৰা উৰা মৰা বিমানখন নিশা তিৰুৱনন্তপুৰমত অৱতৰণ কৰে। প্ৰতিৰক্ষাৰ মুখপাত্রই জনায় যে আই এ এফৰ আই এল-৭৬ আৰু চি-১৩০ জে হেভি লিফ্ট কেৰিয়াৰসমূহ উদ্ধাৰকাৰী দল, এনডিআৰএফৰ দল আৰু সাহায্য সামগ্ৰী প্ৰেৰণৰ লগতে, পুনৰ সংবেদনশীল অঞ্চলসমূহৰ পৰা আবদ্ধ যাত্ৰী উদ্ধাৰ কৰাৰো ব্যৱহাৰ কৰা হৈছে। শ্রীলংকাত হোৱা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ পিছত অপাৰেচন সাগৰবন্ধুৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাই নিয়মীয়া ধৰণে মানৱীয় সাহায্য আৰু দুর্যোগ সহায় আগবঢ়াই আহিছে।  বায়ুসেনাৰ হেলিকপ্টাৰে একাধিক অভিযান চলাই শ্রীলংকা সেনাৰ ৫৭জন জোৱানক ডায়াথালাৱা আর্মী কেম্প আৰু কলম্বোৰ পৰা কোটমালেলৈ স্থানান্তৰ কৰা হৈছে- যিটো ভূমিস্খলনৰ ফলত সম্পূর্ণ বিচ্ছিন্ন হৈ পৰিছে। বিশেষ কমাণ্ডো দলৰে সৈতে বায়ুসেনাই হাইব্রিড উদ্ধাৰ অভিযান চলাইছে। আবদ্ধ অঞ্চলসমূহলৈ হেলিকপ্টাৰ প্ৰেৰণ কৰি নাগৰিক উদ্ধাৰ কৰা হৈছে। ইয়াৰেই অংশ হিচাপে ভাৰতীয়, বিদেশী আৰু শ্রীলংকাৰ নাগৰিক মিলাই মুঠ ৫৫গৰাকী লোকক ইতিমধ্যে কলম্বোলৈ স্থানান্তৰ কৰা হৈছে। ২খন হেলিকপ্টাৰে ২৪ ঘণ্টাই অভিযান অব্যাহত ৰাখিছে, আৰু পৰিৱেশ উন্নত নোহোৱা পর্যন্ত উদ্ধাৰকাৰ্য চলি থাকিব বুলি অনুমান কৰা হৈছে।