শ্ৰীমন্ত শঙ্কৰদেৱৰ কথাৰে – ইকবাল হুছেইন

Pc daily Assam

শ্ৰীমন্ত শঙ্কৰদেৱৰ কথাৰে

ইকবাল হুছেইন

হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি।।

অসমীয়া জাতি, সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰী শ্ৰীমন্ত শংকৰ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পলমকৈ হ’লেও সদৌটিলৈকে যাচিলোঁ অনেক অনেক শুভ কামনা৷ নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজক জাতি, ধৰ্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে সকলোকে একতাৰ ৰছিৰে বান্ধি যি আধ্যাত্মিক আৰু সামাজিক সংস্কাৰৰ নিদৰ্শন দেখুৱাই গৈছে, সেয়া চিৰকালৰ বাবে অসমীয়া সমাজ তথা জাতিৰ মাৰ্গদৰ্শক হৈ ৰ’ব৷ পঞ্চাদশ শতাব্দীৰ মাজভাগত আৰ্ৱিভাৱ হোৱা শ্ৰীমন্ত শংকৰ গুৰুৱে তেওঁৰ ধৰ্ম, শিক্ষা, আধ্যাত্মিকতা, সহিষ্ণুতা, সাহিত্য, সংস্কৃতিৰ পাৰদৰ্শিতাৰে অসমীয়া জাতিক একতাৰ বান্ধোনেৰে বান্ধি অসমৰ বুকুত এখন সুন্দৰ, সুশৃংখল, উদাৰতাবাদী সাম্যৰাজ্য প্ৰতিষ্ঠা কৰিছিল। বহুমুখী জ্ঞানৰ প্ৰজ্জ্বলিত বন্তি এইগৰাকী শংকৰ গুৰুৰ ধৰ্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলো ক্ষেত্ৰতে নৱোন্মেষৰ সৃষ্টি কৰি অসমত এক নৱ-জাগৰণৰ সূচনা কৰিছিল৷ গুৰুজনাৰ অগাধ প্ৰতিভা, পাণ্ডিত্য প্ৰজ্ঞা আৰু জ্ঞান-জ্যোতিৰ শিখাৰে গোটেই অসমখনকেই উদ্ভাসিত কৰি তুলিছিল৷ শংকৰ দেৱৰ দৰে এজন মহাপুৰুষে ইছলাম ধৰ্মী মুছলমানকো আপোন কৰি লৈছিল। মুছলমানক লগত লৈ চলা গুৰুজনাই ইছলাম ধৰ্মাৱলম্বী চান্দসাক শিষ্যত্ব প্ৰদান কৰি ধৰ্মীয় মূল্যবোধ তথা উদাৰতাৰ এক অনন্য উদাহৰণ ৰাখি থৈ গৈছে। তেনেকুৱা ধৰ্মনিৰপেক্ষ, মানৱতাবাদী আৰু মহল মনৰ মহান ধৰ্মগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি-আদৰ্শ আজি পদে পদে ভূলুন্ঠিত। যিসকলে নিজকে অতি ধৰ্মান্ধৰ বুলি জহাই ফুৰে প্ৰকৃততে সিহঁতেও গুৰুজনাৰ পদাংক অনুসৰণ নকৰে বৰং তেওঁলোকে গুৰুজনাৰ কালজয়ী নীতি-আদৰ্শৰ পৰিপন্থী কৰ্মহে কৰা দেখা যায়। সম্প্ৰতি জাতিভেদৰ চক্ৰবেহুত সুমাই পৰিছে গুৰুজনাই গঢ়ি থৈ যোৱা আমাৰ সমন্বয়, সম্প্ৰীতিৰ সমাজখন। সকলোতে আজি বৈষম্যমূলক আচৰণ দেখিবলৈ পোৱা গৈছে। নৈতিকতাৰ স্খলন ঘটিবলৈ ধৰিছে গুৰুজনাৰ সপোনৰ মানৱ সমাজখনত। দিনকদিনে মানৱীয় প্ৰমূল্যবোধ নোহোৱা হৈছে। এনে অৱস্থাত গুৰুজনাৰ নীতি-আদৰ্শক প্ৰচাৰ-প্ৰসাৰ কৰাটো প্ৰতিজন অসমবাসীৰেই দ্বায়িত্ব হৈ পৰিছে। শ্ৰীমন্ত শংকৰদেৱ দেখুৱাই থৈ যোৱা পথক আকোঁৱালি লৈ সমাজ জীৱনৰ পাতনি মেলিলে নিশ্ছয়কৈ দেশত শান্তি বিৰাজিব। আজিৰ সমাজত একতা, বিশ্বাস, ভাতৃত্ববোধ আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ নীতি-আদৰ্শ গ্ৰহণ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে। আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, সাহিত্যিক আৰু মূল্যবোধৰ চিন্তাধাৰাৰে বৃহত্তৰ অসমীয়া জাতিক ঐক্যবদ্ধ কৰা শংকৰ গুৰুজনাই সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস আদি ভেদভাৱৰ দৰে সামাজিক ব্যাধিসমূহ দূৰীকৰণ কৰি মানৱীয় প্ৰমূল্যবোধেৰে এখন সুন্দৰ, সুস্থিৰ, সুশৃংখল, সমন্বয়ৰ সমাজ গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই গৈছে। এতেকে শংকৰদেৱৰ অৱদানে আমাক উদ্বুদ্ধ কৰা উচিত।