শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অন্ন সেৱা আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অন্ন সেৱা যোজনা আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ ১১৭ টকাতে প্ৰদান কৰা হ’ব। আঁচনিখন শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালে এই তিনিবিধ সামগ্রী ১০০ টকাতে লাভ কৰিব। আজিৰে পৰা অৰ্থাৎ ১০ নৱেম্বৰৰ পৰা ৰেচন কার্ড থকা পৰিয়ালে প্রতিকিলো মচুৰ দাইল ৬৯ টকাত, প্রতিকিলো চেনি ৩৮ টকাত আৰু প্ৰতিকিলো নিমখ লাভ কৰিব ১০ টকাত। ১ জানুৱাৰীৰ পৰা প্ৰতিকিলো মচুৰ ৬০ টকাকৈ, প্রতিকিলো চেনি ৩০ টকাকৈ আৰু প্রতিকিলো নিমখ ১০ টকাকৈ ৰেচন কার্ড ধাৰকসকলে এই সুবিধা লাভ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো উল্লেখ কৰে যে বিনামূলীয়া চাউলৰ দৰে দাইল, চেনি, আৰু নিমখ প্রতিমাহৰ অন্ন সেৱা দিন অর্থাৎ ১ৰ পৰা ১০ তাৰিখৰ ভিতৰত e-PoS মেচিনৰ জৰিয়তে হিতাধিকাৰীসকলে সুলভ মূল্যৰ দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব। ৰেচন কাৰ্ডৰ গৰাকীয়ে ইচ্ছা কৰিলে এবিধ বা দুবিধ সামগ্রীও ক্ৰয় কৰিব পাৰিব। তিনিওবিধ সামগ্ৰীৰ প্ৰতিবিধৰ বাবে হিতাধিকাৰীসকলে পৃথককৈ বায়’মেট্রিক প্রমাণীকৰণ কৰিব লাগিব। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- প্রতিশ্রুতি দিয়া সহজ, কিন্তু পালন কৰা কঠিন। যোৱা ৫ বছৰত দিয়া প্রতিশ্রুতি চৰকাৰে এটা এটাকৈ পূৰণ কৰিছে। অসমত দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে চৰকাৰখনে ইতিমধ্যে কৰা কাম আৰু ভৱিষ্যতে কৰিব বিচৰা কামৰ কথাও আগতীয়াকৈ উল্লেখ কৰিছে। এই লক্ষ্যৰে ৰাজ্য চৰকাৰে ২০২০ চনত ১৮ লাখ পৰিয়ালক ৮৩০ টকাকৈ অৰুণোদয়ৰ ধন দিছিল। অৰুণোদয় ২.০ত ২৮ লাখ পৰিয়ালক আৰু এইবাৰ অৰুণোদয় ৩.০ত ৩৮ লাখ পৰিয়ালক সামৰি লোৱা হৈছে। অৰুণোদয়ৰ ধনো ৮৩০ টকাৰ পৰা এহেজাৰ টকালৈ আৰু এতিয়া ১,২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। অচিৰেই বিধৱা পেন্সনৰ ধন ১,২৫০ টকালৈ বৃদ্ধি কৰা হ’ব আৰু বৃদ্ধ পেন্সনৰ ধনো বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয়- অৰুণোদয়, ৰন্ধন গেছৰ ৰাজসাহায্য আদিৰ উপৰি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত একোটা পৰিয়ালক বছৰি ৫ লাখ টকাপর্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা, ৰেচন কার্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক কলেজত বিনামূলীয়া নামভর্তি, কলেজত পঢ়া ছাত্রীক নিযুত মইনা আঁচনিৰ ধন, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল দিয়া হৈছে। এইখন এখন মৰমিয়াল চৰকাৰ। নিজৰ চৰকাৰ থাকিলে ৰাইজৰ কষ্ট বহু কমি যাব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- কংগ্ৰেছৰ দিনত লুঙী-ধুতী-সূতা-কম্বল-আঁঠুৱাৰ নামত একোটাকৈ পৰিয়ালে সর্বাধিক তিনি হাজাৰ টকাহে লাভ কৰিছিল।

কিন্তু বর্তমান চৰকাৰৰ দিনত একোটা পৰিয়াল যদি অৰুণোদয়ৰ পৰিয়াল হয়, এই পৰিয়ালটোৱে ৫ হাজাৰ টকাৰ পৰা ৫,৫০০ টকালৈ ৰাজসাহায্যৰ সুবিধা লাভ কৰি আছে। আনহাতে, একাংশ লোকে অৰুণোদয় এৰি দিম বুলি কৰি অহা সমালোচনাক প্রত্যুত্তৰ দি ভাষণত মুখ্যমন্ত্রীগৰাকীয়ে কয়- যিসকলক অৰুণোদয় নালাগে, তেওঁলোকে অৰুণোদয় প’র্টেলত থকা এটা বুটাম টিপিলেই এই সুবিধা বন্ধ হৈ যাব। প্রয়োজন নোহোৱাসকলে অৰুণোদয়ৰ সুবিধা ত্যাগ কৰিলে যাৰ প্ৰয়োজন আছে তেওঁলোকক দিব পৰা যাব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ ঘোষণা- অৰুণোদয় পৰিয়ালক প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবদ ২৫০ টকাকৈ অতিৰিক্ত ধন দিয়া হ’ব। পৰৱৰ্তী সময়ত মিঠাতেলো দিয়া হ’ব। আনৰ ঘৰত কাম কৰা মহিলাসকলে সপ্তাহত যাতে এদিন জিৰণি ল’ব পাৰে, তাৰ বাবেও চৰকাৰে চিন্তা কৰিছে। আনহাতে, বিহু-পূজা আদিত অৰুণোদয়ৰ পৰিয়ালক বোনাছ দিয়া হ’ব। যাতে মহিলাসকলে সন্তানক এসাজ কাপোৰ দিব পাৰে। ৰাইজৰ হিতৰ বাবে, দুখীয়া মানুহৰ ভালৰ বাবে এই চৰকাৰে কাম কৰি আছে। অৰুণোদয়ৰ ধন আনিবলৈ যেতিয়া বেংকলৈ যায়, মহিলাগৰাকীয়ে মনত সাহস পায়, সেয়া তেওঁৰ নিজৰ ধন। যিখন সমাজত দৰিদ্ৰ আৰু মধ্যবিত্ত লোক আনন্দত থাকে, সেইখনেই আদর্শ সমাজ। আনহাতে, সুলভ মূল্যৰ দোকানীসকলক প্রতিকিলোগ্রাম দাইল, চেনি, নিমখৰ বিপৰীতে দুই টকাকৈ দিয়া হ’ব বুলিও মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰাৰ লগতে স্পষ্ট কৰি দিয়ে যে দোকানীসকলে যাতে ৰাইজৰ পৰা অতিৰিক্ত ধন নলয়। মন কৰিবলগীয়া যে খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল-চেনি আৰু নিমখ যোগানৰ বাবে শুভাৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব। এই শুভাৰম্ভ অনুষ্ঠানত মন্ত্রী অশোক সিংহল, কৌশিক ৰায়, ৰূপেশ গোৱালা, সাংসদ বিজুলী কলিতা মেধি, ভুবনেশ্বৰ কলিতা, বিধায়ক অতুল বৰা, সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মুখ্য সচিব ৰবি কোটাৰ লগতে কেইবাজনো প্রশাসনিক শীর্ষ বিষয়া উপস্থিত থাকে।
