শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ নৱগঠিত সাধাৰণ পৰিষদৰ প্ৰথমখন বৈঠক যোৱা ১৫ অক্টোবৰ, ২০২৫ তাৰিখে বিয়লি কলাক্ষেত্ৰৰ ললিত কলা ভৱনৰ সভাকক্ষত অনুষ্ঠিত হয়। অসমৰ মাননীয় মুখ্যমন্ত্রী তথা কলাক্ষেত্ৰ সমাজৰ সভাপতি ড° হিমন্ত বিশ্ব শর্মা মহোদয়ক প্রতিনিধিত্ব কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্রী বিমল বড়া ডাঙৰীয়াই বৈঠকত সভাপতিত্ব কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিভিন্ন কাম-কাজৰ বিষয়ে বিষদভাৱে পৰ্যালোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তৰ কলা-সংস্কৃতি আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ অন্তর্ভুক্তিৰে সাধাৰণ পৰিষদখন গঠন কৰা হৈছে। চৰকাৰী অধিসূচনা অনুসৰি পাঁচবছৰীয়া কাৰ্যকালৰ বাবে গঠিত সাধাৰণ পৰিষদৰ বৈঠকতে কলাক্ষেত্ৰ সমাজৰ কাৰ্যনিৰ্বাহী পৰিষদখনো আনুষ্ঠানিকভাৱে গঠন কৰা হয়। বৈঠকত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্ত্তী, বিত্ত বিভাগৰ সচিব মৌচুমী বৰুৱা, সাংস্কৃতিক পৰিক্ৰমা সঞ্চালক ৰাহুল চন্দ্ৰ দাস, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰৰ উপৰিও মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দ্দন দেৱগোস্বামী, প্রখ্যাত ভাস্কর্য শিল্পী বীৰেন সিংহ, পদ্মশ্রীপ্রাপক সত্রীয়া শিল্পী ঘনকান্ত বৰা বৰবায়ন, অকাডেমী বঁটা প্রাপক নাট্যশিল্পী প্রাঞ্জল শইকীয়া, অকাডেমী বঁটাপ্রাপক, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকশিল্প বিভাগৰ অধ্যাপিকা ড° পল্লবী বৰা, চাহ জনজাতীয় সমাজকর্মী, লেখক সুশীল কুর্মী, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° জয়শ্রী দে, বিশিষ্ট লোকশিল্পী তথা অসম গৌৰৱ বঁটা প্ৰাপক ৰঞ্জিত গগৈ, বিশিষ্ট শিল্পী তথা অসম গৌৰৱ বঁটা প্রাপক নাদীৰাম দেউৰী, বিশিষ্ট লোকশিল্পী তথা অসম গৌৰৱ বঁটাপ্ৰপ্রাপক বাৰলাংফা নাৰ্জাৰী, বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা আৰু একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্রতাপ চন্দ্ৰ মেধিয়ে অংশগ্ৰহণ কৰে। সভাৰ অন্তত আগন্তুক কাতি বিহু উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্রী বিমল বড়া ডাঙৰীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলে কলাক্ষেত্ৰ চৌহদত পাঁচযোৰা আকাশবন্তি প্রজ্জ্বলন কৰে।