শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘পোষণ মাহ’  কাৰ্যসূচীৰ শুভাৰম্ভ

Pc facebook

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘পোষণ মাহ’  কাৰ্যসূচীৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘পোষণ মাহ’  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আজিৰে পৰা এমাহ জোৰা কাৰ্যসূচীৰে ‘পোষণ মাহ’ উদযাপন কৰা হ’ব।ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২ৰ শুভাৰম্ভণী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,’অংগনৱাড়ী কেন্দ্ৰৰ পৰ্যায়ত আই চি ডি এছ সেৱাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সমগ্ৰ অসমতে এটা ম’বাইল এপ্লিকেচন ‘পোষণ ট্ৰেকাৰ’ ৰূপায়ণ কৰা হৈছে৷এইপৰ্যন্ত অংগনৱাড়ী কৰ্মীৰ মাজত ৬১,৬৯০টা ম’বাইল বিতৰণ কৰা হৈছে আৰু একে সময়তে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে৷আজিলৈকে ৪২,৮৩,৫২৯জন হিতাধিকাৰীক এপত পঞ্জীয়ন কৰা হৈছে৷এই বছৰ ৰাষ্ট্ৰীয় পোষণ মাহত সমগ্ৰ ৰাজ্যতে পোষণ পঞ্চায়ত অনুষ্ঠিত কৰি গৰ্ভাৱস্থাত আৰু শিশুক দুগ্ধপান কৰাই থকাৰ সময়ছোৱাত মহিলাৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টিকৰ খাদ্য, ৰক্তহীনতা ৰোধ, ঋতুস্ৰাৱৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ অভিযান চলোৱা হ’ব৷কিশোৰী পঞ্চায়তৰ জৰিয়তে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা, ৰক্তহীনতা আদিৰ বিষয়েও অৱগত কৰোৱা হ’ব৷পোষণ বাটিকা নামৰ এক কাৰ্যসূচীৰ দ্বাৰা অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় চৌহদ আদিত ঔষধি গুণসম্পন্ন গছপুলি ৰোপণ, যোগাভ্যাসৰ জৰিয়তে স্বাস্থ্য ৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টি, ৰাজ্যৰ চাহ বাগিচাৰ কিশোৰীসকলৰ বাবে ৰক্তহীনতা দূৰীকৰণ শিবিৰ অনুষ্ঠিতকৰণ আদিকে ধৰি এই সময়ছোৱাত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হ’ব৷উল্লেখযোগ্য যে,অনুষ্ঠানত মন্ত্ৰী  অজন্তা নেওগ, বিধানসভাৰ মহিলা আৰু শিশু কল্যাণ সমিতিৰ অধ্যক্ষ তথা বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে বিভাগীয় উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।