শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ – অনামিকা (সংগীতা)কলিতা

শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

শ্ৰী মন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাহি নাহি
আমাৰ পৰম গুৰু ।

মহাপুৰুষ মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য আছিল।মাধৱদেৱে  প্ৰথমতে পূজা পাতল কৰিছিল কিন্তু এটি ঘটনাৰ পৰা  শ্ৰীমন্ত শঙ্কৰদেৱৰ লগত মণিকাঞ্ছন  সংযোগ  হোৱাৰ পিছত এক শৰণ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল  ।এয়া সম্ভৱ হৈ মহাপুৰুষ মাধৱদেৱৰ ভনী জোৱাই ৰাম দাস আতৈৰ যোগেদি ।ঘটনাটো এনে ধৰণৰ মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মত বিশ্বাসী এবাৰ মাক টান নৰিয়াত পৰিল বহুত বেজ ওজা লগোৱাৰ পিছত সুফল নাপালে। তেতিয়া  দেৱীক  পঠা ছাগলী এটা দিম বুলি মনে মনে তেওঁ প্ৰতিজ্ঞা কৰিলে। কিছুদিন পিছতে   মাকৰ বেমাৰ ভাল হ’ল ।তেতিয়া ভনী জোঁৱাই ৰাম দাস আতৈক এটা পঠা ছাগলী আনিব দিলে কিন্তু তেওঁ নানিলে। ইয়াৰ কাৰণ হ’ল শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰ পূজা পাতলৰ বিৰোধী এটা জীৱ বধ কৰি আন জীৱ কেতিয়াও সুখী হ’ব নোৱাৰে বুলি ৰাম দাস  আতৈ ক’লে  ।  এইবোৰ শুনি মহাপুৰুষ মাধৱদেৱৰ খং উঠিল কোন এই শঙ্কৰদেৱ যি দেৱী মাক অৱজ্ঞা কৰে তেওঁক এবাৰ পৰীক্ষা কৰি চাম ।তাৰ পিছত শ্ৰীমন্ত শংকৰদেৱক সাক্ষাত কৰিলে  আৰু মহাপুৰুষ মাধৱদেৱ  আৰু  শ্ৰীমন্ত শঙ্কৰদেৱৰ শাস্ত্ৰৰ ওপৰত এখন বাকযুদ্ধ হয় ।  শ্ৰীমন্ত শংকৰদেৱে ভাগৱত বেদ শ্লোক আদি সকলো যুক্তি দি থাকিল মহাপুৰুষ মাধৱদেৱেও দি  থাকিল শেষত মহাপুৰুষ  মাধৱ দেৱ পৰাভূত হ’ল আৰু  শ্ৰীমন্ত শঙ্কৰদেৱৰ শৰণ ল’লে।

তেতিয়াৰ পৰাই সমাজৰ  কু-সংস্কাৰবোৰ নাশ কৰিবলৈ গুৰু দুজনাই চেষ্টা কৰিছিল।যাৰ কাৰণে  সমাজ সংস্কাৰক গুৰুজনাই  সত্ৰ /নামঘৰ আৰু বৰগীত আদি অনেক অৱদান আগবঢ়াই থৈ গৈছে ।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱে ধৰ্মৰ চাৰিখুঁটি মাৰি ভাগৱত ধৰ্মৰ পাতনি মেলিছিল ।এই ভাগৱত ধৰ্মৰ প্ৰৱৰ্তনৰ খাতিৰত চাৰিহাটি,দৌলগৃহ,মণিকূট,কীৰ্তন ঘৰ আদিত ভক্তগণ আদি সমাহাৰে জ্ঞানৰ আলোক বিতৰণ কৰিছিল ,যাক আমি নামঘৰ বুলি কওঁ । ইয়াত মহাপুৰুষ  মাধৱ দেৱৰো অৱদান আছে।

এই নামঘৰ বা কীৰ্তন ঘৰত হৰিৰ -কথা চৰ্চাৰ প্ৰসংগ ।য’ত গুৰু ,দেৱ ,নাম,ভকত এই চাৰি বস্তু। ১৫৮৩ খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰে।তিনি প্ৰসঙ্গৰ পৰিবৰ্তে চৈধ্য প্ৰসঙ্গ,গীত মাত ঘোষা আদি পৰিবেশন কৰে।

বৰপেটা,বৰদোৱা,কমলাবাৰী ,শুৱালকুছি হাটী সত্ৰ আদি শ্ৰীমন্ত শঙ্কৰদেৱৰ  শিষ্য সকলে স্থাপন কৰি, খোল -বাদ্য ,তাল বাজানা পৰম্পৰাগত ভাৱে পৰিবেশিত হৈ আহিছে।

১৫/১৬ শতাব্দীত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰ দেৱে  মহাপুৰুষ মাধৱ দেৱৰ সৈতে লগ-লাগি বজ্ৰাৱলী ভাষাত বৰগীত ৰচনা কৰে ।

২৪০টা বৰগীত শঙ্কৰ দেৱে ৰচনা কৰিছিল ।মানৰ আক্ৰমণ,ইংৰাজৰ শাসন ইত্যাদি নানা সমস্যা আদিৰ ফলত বাকী খিনি নষ্ট হৈ গল । বৰ্তমান ৩০টা সংৰক্ষিত ।”কীৰ্ত্তন” ঘোষাক  বেদৰ স্থান পাইছে।

১৫৭টা মহাপুৰুষ মাধৱ দেৱৰ বৰগীত ৰচনা কৰিছিল।” । নামঘোষা মহাপুৰুষ মাধৱদেৱৰ ৰচিত গ্ৰন্থ সমূহৰ ভিতৰত কীৰ্তিস্তম্ভ,এই নামঘোষা খনত এহেজাৰ ঘোষা থকা কাৰণে হেজাৰী ঘোষা নামে পৰিচিত।

অসমৰ সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা  গুৰু দুজনাৰ নামঘৰ প্ৰতিষ্ঠা কৰি আৰু বৰগীত সমূহ ৰচনা কৰি যি কলা -সংস্কৃতি চৰ্চা কৰি আমাক পথ দেখুৱাই থৈ গৈছে এয়া আমাৰ সমাজৰ এক শুভ লক্ষণ।