শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘৰ – অনামিকা (সংগীতা)কলিতা

PC - Wikipedia

শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘৰ

অনামিকা (সংগীতা)কলিতা ,শুৱালকুছি

“”শ্ৰী মন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাহি নাহি
আমাৰ পৰম গুৰু ।”

মহাপুৰুষ মন্ত শঙ্কৰদেৱৰ ১৪৪৯খৃষ্টব্দত আহিন মাহৰ শুক্ল পক্ষৰ দশমী তিথিত বৰদোৱা আলিপুখুৰি নামৰ ঠাইত জন্ম হৈছিল । শঙ্কৰদেৱ সৰু থাকোতেই মাক দেউতাকে ইহলীলা সম্বৰণ কৰিছিল ।বুঢ়ীমাক/আইতাক খেৰসূতীয়ে শঙ্কৰদেৱক লালন-পালন কৰি ডাঙৰ দীঘল কৰিছিল।

তেওঁৰ গুণ অসাধাৰণ সৰু কালত এবাৰ ভাদ মাহৰ ব্ৰহ্মপুত্ৰৰ ভৰা নদী সমনীয়াৰ লগত বাজি মাৰি ইপাৰ সিপাৰ হৈছিল ।তেওঁ অ আ স্বৰ বৰ্ণ শিকিয়েই আকাৰ ইকাৰ নোহোৱা কবিতা “কৰতল কমল ” ৰচনা কৰিছিল ।

সেই সময়তে সমাজৰ  কু-সংস্কাৰবোৰ নাশ কৰিবলৈ গুৰুজনাৰ চেষ্টা কৰিছিল।যাৰ কাৰণে  সমাজ সংস্কাৰক গুৰুজনাই  সত্ৰ /নামঘৰ আৰু বৰগীত ইত্যাদি অনেক অৱদান আগবঢ়াই থৈ গৈছে ।

সত্ৰ /নামঘৰ- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱে ধৰ্মৰ চাৰিখুঁটি মাৰি ভাগৱত ধৰ্মৰ পাতনি মেলিছিল ।এই ভাগৱত ধৰ্মৰ প্ৰৱৰ্তনৰ খাতিৰত চাৰিহাটি,দৌলগৃহ,মণিকূট,কীৰ্তন ঘৰ আদিত ভক্তগণ আদি সমাহাৰে জ্ঞানৰ আলোক বিতৰণ কৰিছিল ,যাক আমি নামঘৰ বুলি কওঁ ।

এই নামঘৰ বা কীৰ্তন ঘৰত হৰিৰ -কথা চৰ্চাৰ প্ৰসংগ ।য’ত গুৰু ,দেৱ ,নাম,ভকত এই চাৰি বস্তু।শঙ্কৰদেৱৰ আশীৰ্বাদ লৈ ১৫৮৩ খ্ৰীষ্টাব্দত তেওঁৰ পৰম শিষ্য মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰে।তিনি প্ৰসঙ্গৰ পৰিবৰ্তে চৈধ্য প্ৰসঙ্গ,গীত মাত ঘোষা আদি পৰিবেশন কৰে।

বৰপেটা,বৰদোৱা,কমলাবাৰী ,শুৱালকুছি হাটী সত্ৰ ইত্যাদি তেওঁৰ শিষ্য সকলে স্থাপন কৰি, খোল -বাদ্য ,তাল বাজানা পৰম্পৰাগত ভাৱে পৰিবেশিত হৈ আহিছে।

বৰগীত-১৫/১৬ শতাব্দীত মহাপুৰুষ শঙ্কৰ দেৱে তেওৰ প্ৰধান শিষ্য মহাপুৰুষ মাধৱ দেৱৰ সৈতে লগ-লাগি বজ্ৰাৱলী ভাষাত বৰগীত ৰচনা কৰে ।

২৪০টা বৰগীত শঙ্কৰ দেৱে ৰচনা কৰিছিল ।মানৰ আক্ৰমণ,ইংৰাজৰ শাসন ইত্যাদি নানা সমস্যা আদিৰ ফলত বাকী খিনি নষ্ট হৈ গল । বৰ্তমান ৩০টা সংৰক্ষিত ।”কীৰ্ত্তন” ঘোষা বেদৰ স্থান পাইছে।

১৫৭টা মহাপুৰুষ মাধৱ দেৱৰ বৰগীত ৰচনা কৰিছিল।” । নামঘোষা মহাপুৰুষ মাধৱদেৱৰ ৰচিত গ্ৰন্থ সমূহৰ ভিতৰত কীৰ্তিস্তম্ভ,এই নামঘোষা খনত এহেজাৰ ঘোষা থকা কাৰণে হেজাৰী ঘোষা নামে পৰিচিত।

অসমৰ সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শঙ্কৰ দেৱে সত্ৰ /নামঘৰ প্ৰতিষ্ঠা কৰি আৰু বৰগীত সমূহ ৰচনা কৰি ,যি কলা -সংস্কৃতি চৰ্চা কৰি আমাক পথ দেখুৱাই থৈ গৈছিল,সমাজ খনৰ বিকাশৰ কাৰণে ।সেইবোৰ বৰ্তমান বিভিন্ন পৰিস্থিতি চিন্তা চেতনা বোৰ পৰিবৰ্তন হৈছে ।যদি সোঁতত উটি যোৱা বিধৰ হয়,তেন্তে সেয়া হ’ব জাতিটোৰ বাবে চৰম দুৰ্বাগ্যৰ বিষয় । গতিকে জাতি এটাৰ বৌদ্ধিক জীৱনৰ ওপৰত ভাষা কলা সংস্কৃতি নিৰ্ভৰ কৰিব । নতুন প্ৰজন্মই সত্ৰ/নামঘৰ /বৰগীত এই কলা সংস্কৃতিক ৰক্ষণা-বেক্ষণ দিব লাগিব ,আৰু শেহতীয়াকৈ অসমৰ নতুন এচামে ভাষা, কলা -সংস্কৃতিৰ ৰক্ষাৰ কাৰণে উঠি -পৰি লাগিছে ,এয়া এক শুভ লক্ষণ।