শ্ৰাদ্ধ – আয়নাল হক

PC - Funeral Services Singapore
অণুগল্প
শ্ৰাদ্ধ
আয়নাল হক, ধুবুৰী 
উভতি নহাৰ বাটেৰে সি গ’লগৈ।তাইৰ যন্ত্ৰণাই আকাশ কঁপাইছে।উকা কপাল, বগা সাজযোৰেৰে আজি তাই শ্ৰাদ্ধ পাতিছে স্বামীৰ। তাৰ ফটোখনে যেন কৈছে–“তুমি চিন্তা নকৰিবা মৌচুমী। মই তোমাৰ কাষতে থাকিম…।”
ছয়-বছৰীয়া নিকুৱে নাম-কীৰ্তনৰ তালত গা ভাঙিছে। সি চাগে জনাই নাই তাৰ দেউতাক যে আৰু নাহে ঘূৰি।