শ্ৰাদ্ধত পিতৃৰ অভিযোগ: চাৰি বন্ধুৱে মূৰত মৰিয়াই হত্যা কৰিছিল নম্ৰতাক
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৪ জুনত মেঘালয়ৰ নংপোত নিহত হোৱা অধিবক্তা নম্ৰতা বৰাৰ আদ্যশ্ৰাদ্ধৰ দিনাই বিস্ফোৰক অভিযোগ তুলিলে পিতৃ ৰমেন কুমাৰ বৰাই৷ সাংবাদিকৰ আগত পিতৃৰ স্পষ্ট অভিযোগ- ছোৱালীজনীয়ে মূৰত যথেষ্ট আঘাত পাইছিল৷ কিন্তু এয়া দুৰ্ঘটনা নহয়, হত্যাকাণ্ডহে৷ তাইক মূৰত বটলেৰে বা চোকা অস্ত্ৰৰে মাৰি হত্যা কৰিছিল ৪ বন্ধুৱে৷ উল্লেখ্য যে নম্ৰতা বৰাৰ মৃত্যুক লৈ চলি থকা চৰ্চাৰ মাজতে বোকাখাতৰ কমাৰগাঁও অঞ্চলৰ ধোদাং গাঁৱৰ বাসগৃহত পৰিয়ালে আয়োজন কৰে আদ্যশ্ৰাদ্ধৰ৷ পিতৃ ৰমেন কুমাৰ বৰাই নিজৰ কন্যাৰ মৃত্যুক লৈ আজিও দুখ প্ৰকাশ কৰি কয় যে এই ঘটনাৰ এক উচ্ছ পৰ্যায়ৰ তদন্তৰ জৰিয়তে দোষীক শাস্তি দিব লাগে৷ নম্ৰতাৰ লগত উক্ত দিনা গাড়ীত থকা ৪বন্ধু ক্ৰমে প্ৰজ্ঞা, মৃগাংক, গায়ত্ৰী আৰু আনায়াতুলে নম্ৰতাক হত্যা কৰিছে৷ উল্লেখ্য যে নম্ৰতা বৰাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ বাসগৃহত স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হয়৷ মন্ত্ৰীগৰাকীয়ে নম্ৰতা বৰাৰ পিতৃক সাক্ষাৎ কৰি এই দুৰ্ঘটনাৰ ক্ষিপ্ৰগতিত তদন্ত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে৷ তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেঘালয় চৰকাৰৰ সৈতে যোগাযোগ কৰি ব্যবস্থা গ্ৰহণ কৰা বুলিও পিতৃক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই নম্ৰতা বৰা দুৰ্ঘটনাত পতিত হোৱাৰ পিছৰে পৰা সঘনাই যোগাযোগ ৰাখিছে পৰিয়ালটোৰ সৈতে৷ আদ্যশ্ৰাদ্ধৰ দিনা উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক তথা পিতৃ ৰমেন বৰাক অনাগত দিনত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে৷