শ্ৰমিক
সীমান্ত কবি
অৱকাশ নাই মোৰ
আকাশ চোৱাৰ
মাটিৰ মানুহ মাটিতেই
ৰচো স্বৰ্গৰ দুৱাৰ।
এদিন আহিবাচোন লিং
ৰাতিৰ আকাশত উদং পথাৰত বহি
জোনক সুধিম
আমাৰ বাবে পূৰ্ণিমাতো কিয়
আমাৱশ্যৰ এন্ধাৰ।।
ঘামৰ মুকুতা সৰে
আমাৰ দেহত
মুকুতাৰ মালা ডাল
জিলিকি ৰয়
মহাজনৰ পত্নীৰ গলত।।।
