শ্ৰমিক শিশু- লখিমী শৰ্মা

Pc BBC
শ্ৰমিক শিশু
মই সেইদিনাও সেই বাটেৰে গৈছিলোঁ ,
যিদিনা মই দেখিছিলোঁ এখন কলুষিত ছবি ।
আজিও মনৰ পৰ্দাত ভাঁহি আছে সেই ছবি ।
 ” এটি শিশু ” —— সি নিৰ্যাতনত ভুগিছে ,
 অথচ সেই মানৱৰূপী দৈত্যটোৱে
তাৰ মনৰ কথা নুবুজি
এসোপা কামৰ মাজত
তাক আৱদ্ধ কৰিছে ।
কিয় ? কিয় তাহাঁতৰো জানো নাই , এখন স্বাধীন পৃথিৱী
নিজকে জানো সিহঁতে মুক্ত বুলি পৰিচয় দিব নালাগিব !
জানি বুজিও নজনাৰ ভাও ধৰি
 এয়া নিষ্পাপ শিশুৰ ওপৰত কি অন্যায় ?
এদিন সেই শ্ৰমিক শিশু মুক্ত হ’ব ।
সিদিনা সি ছিঙিব পাৰিব
 নিৰ্যাতনৰ জৰী  ।
লখিমী শৰ্মা
 যোৰহাট