শ্ৰমিক দিৱস
শ্ৰম বিমুখ জীৱন
আমনি আসক্তি অধৰ্মৰ আবেষ্টনী
বাঢ়ি গৈ থাকে মৌলিক স্পৃহা
কৰ্মৰ ভেদ ভাৱ মূৰ্খৰ বাণী
দেনা -পাওনাৰ দিনলিপিত
সাঁথৰ ভঙা পতা
শ্ৰম শ্ৰমিকৰ টনা আঁজোৰা
নিপিড়িত শ্ৰমিকৰ কৰ্ফাল
শ্ৰমিক দিৱসৰ ৰীতি
ক্ষুধা, মালিকী স্বত্বৰ বৰ্বৰতা
স্বপ্ন ৰোদনেৰে নৈমিত্তিক মৃত সম্ভাৱনা
নাঙলৰ সীৰলুত ফুলে কৃষকৰ সপোন
মহাজনৰ নালাগে বিভূষণ
জোৰকৈ নবলাবি দুখৰ বতাহ ছাটি
ৰ’দৰে আদৰো সপোনৰ ফুল পাহি
কল কাৰখানাৰ ধোঁৱাই মুখ ক’লা কৰিলেও
কৰ্মৰ সুখত জিলিকে শ্ৰমিকৰ মুখখনি
গণতান্ত্ৰিক অধিকাৰে
ন ৰূপে সাজি কাঁচি জাগে যদি শ্ৰমিক শক্তি
পলাই মাৰিব ল’ৰ জমিদাৰী পুঁজিবাদী
ইভা গন্ধীয়া ফুকন