শ্ৰমিক দিৱসৰ তাৎপৰ্য আৰু উদযাপনৰ প্ৰয়োজনীয়তা-দেবর্ষি গৌতম

Pc The Wire
শ্ৰমিক দিৱসৰ তাৎপৰ্য আৰু উদযাপনৰ প্ৰয়োজনীয়তা
     শ্ৰমিক বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ নৃত্য নৈমিত্যিক দৃষ্টিগোচৰ হোৱা এখন তেনেই সাধাৰণ ছবিয়ে সদায় মনলৈ আহে। আচলতে শ্ৰমিক সকলৰ কথা ভাবিলে সকলোৰে মনলৈ এখন অতি সাধাৰণ ছবি মনলৈ অহাৰ মূলতে হৈছে আমি শ্ৰমিক সকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি ভাবিবলৈ টান পাওঁ। শ্ৰমিক সকলে যিবোৰ কাম কৰে সেইবোৰ কাম কিন্তু আন মানুহে কৰাটো প্ৰায় অসম্ভৱ বুলি কলেও বঢ়াই কোৱা নহব। তৎসত্বেও কিন্তু আমি শ্ৰমিক সকলক তেওঁলোকে কৰা কামৰ মৰ্য্যদা প্ৰদান কৰিবলৈ কুণ্ঠাবোধ কৰোঁ। এনেধৰণৰ বহুতো সমস্যাৰে ভাৰাক্ৰান্ত হৈ ১৮৮৬ চনৰ ১ মে তাৰিখে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ ৰাজপথলৈ ওলাই আহিছিল এটা শ্ৰমিকৰ দল। সেই সময়ত শ্ৰমিক সকলে কৰা শ্ৰমৰ বিনিময়ত অতি নিম্ননতম মাজুৰি লাভ কৰিছিল। নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা শ্ৰমিক সকলে প্ৰতিদিনে আঠ ঘণ্টাকৈ শ্ৰম দান কৰা আৰু উচিত মাজুৰি লাভ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহি আন্দোলৰ কাৰ্যসূচী হাতত লৈছিল। সেই আন্দোলনে কাল হৈছিল একাংশ শ্ৰমিকৰ বাবে। কোনো অচিনাক্ত দুৰ্বৃত্তই পুলিচক লক্ষ্য কৰি সংস্থাপন কৰা এটা বোমা বিস্ফোৰণ হোৱাৰ ফলত এগৰাকী পুলিচ নিহত হয়। এই ঘটনাৰ লগত আন্দোলনকাৰী শ্ৰমিক জড়িত থকাৰ সন্দেহত আন্দোলনকাৰী শ্ৰমিক সকলৰ ওপৰত পুলিচ বাহিনী জঁপিয়াই পৰে আৰু নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। পুলিচ বাহিনীৰ দ্বাৰা সংঘটিত হোৱা এই নৰ সংহাৰত এঘাৰ গৰাকীকৈ শ্ৰমিক শ্বহীদ হয়। ইয়াৰ পিছত আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা নেতা সকলক পুলিচে আটক কৰে আৰু অতি আক্ৰোশমূলক নীতি প্ৰয়োগ কৰি তেওঁলোকক ৰাজহুৱা ভাবে ফাঁচী দিয়া হয়। ইয়াৰ পিছত আক্ৰোশমূলক নীতি প্ৰয়োগ কৰি শ্ৰমিক সকলৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা পুলিচ বিষয়া গৰাকী আদালতৰ মজিয়াত দোষী সাবস্ত্য হয় আৰু শ্ৰমিক সকলক আদালতে নিৰ্দোষী বুলি ৰায় প্ৰদান কৰে। এই সকলোবোৰ প্ৰত্যাহ্বান নেওচি হলেও শ্ৰমিক সকলে তেওঁলোকৰ প্ৰাপ্যৰ বাবে চলি থকা আন্দোলনক কেতিয়াও দুৰ্বল হব দিয়া নাছিল। অৱশেষত শ্ৰমিক সকলৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনায় আদালতে তেওঁলোকৰ দাবীক স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতি লাভৰ পিছতে মে মাহৰ এক তাৰিখটোক আন্তৰ্জাতিক শ্ৰমিক দিৱস অথবা মে দিৱস হিচাপেও উদযাপন কৰা হয়। যদিও বছৰৰ এটা দিনত শ্ৰমিক সকলৰ শ্ৰমক স্বীকৃতি প্ৰদান কৰাৰ অৰ্থে এই দিনটো চৰকাৰী বন্ধ হিচাপে পালন কৰা হয় তথাপিও কিন্তু প্ৰতিটো ক্ষেত্ৰতে সাধাৰণ লোক সকলৰ নৃত্য নৈমিত্যিক কৰ্ম সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা এই শ্ৰমিক সকলৰ শ্ৰমক মৰ্য্যদা প্ৰদান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। শ্রমিক সকলৰ শ্ৰমক অবজ্ঞা কৰি কোনো দেশৰ অৰ্থনীতি যে আগবাঢ়ি যাব নোৱাৰে সেই কথা সৰ্বজনবিদিত। কামৰ কোনো সৰু বৰ নাই। গতিকে নিজৰ কৰ্ম দায়িত্ব সহকাৰে সম্পাদনা কৰা প্ৰতিগৰাকী লোকে তেওঁলোকৰ শ্ৰমৰ মৰ্য্যদা পোৱাটো তেওঁলোকৰ অধিকাৰ। যেতিয়া কোনোবাই নিজৰ প্ৰাপ্য লাভ কৰাৰ পৰিবৰ্তে আজুৰি আনিব লগীয়া হয় তেনে পৰিবেশত বছৰৰ এটা দিনত সন্মান প্ৰদৰ্শন কৰাৰ কোনো সাৰ্থকতা নাথাকে। নিজৰ কৰ্মৰ মৰ্য্যদা বছৰত এটা দিনত লাভ কৰাৰ পৰিবৰ্তে প্ৰতিটো মুহূৰ্ততে যদি শ্ৰম দান কৰা লোকসকলে লাভ কৰে তেনেহলে সেইয়া প্ৰকৃত স্বীকৃতি হিচাপে পৰিগণিত হব।
                       দেবর্ষি গৌতম
                        বনগাঁও