শ্ৰমিক আমি – অৰ্ণৱ কটকী

Pc The Indian Express

শ্ৰমিক আমি

অৰ্ণৱ কটকী,যোৰহাট জাঁজী

আমি যে শ্ৰমিক সকলো
এমুঠি ভাতৰ,নিজৰ পেটৰ
জীৱন জিয়াবলৈ আমি
একো একো জন বনুৱা জীৱনৰ।।
নহয় মানে হেঁপাহ পূৰ
থমকি জানো বহে কোনোবাই
সময়ৰ লগত খোজ মিলাই
দৌৰি ফুৰো সপোনৰ পিছতেই।।
নিজে নিজৰ বনুৱা পেটৰ
এমুঠি অন্ন,বস্ত্ৰ, বাসস্থানৰ
কাৰোবাৰ ভাল কাৰোবাৰ বেয়া
জীৱন জীয়াব সমান অধিকাৰ।।
হাৰি হাৰি জিকি যায় বহু জন
কোনোবা জন হেৰাই কাল চক্ৰত
জীয়াই থকাৰ মাদকতা বহুত
সুখ দুখৰ অলংকাৰ দেহত।।