শ্ৰমিকসকলক সুঁৱৰি এটা দিন
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
জন হেনৰি
তীখাৰ আখৰে লিখা নাম তাৰ
যেন এটা চলন্ত ইঞ্জিন
হাতুৰীৰ তালে তালে গান গায় সুহুৰি দি
ৰংমনে কাম কৰে ৰাতি-দিন।
কলীয়া শিলত কটা হেনৰি
গ্ৰেনাইটেৰে গঢ়া পেশী জলমল
হাতুৰীৰ কোবে কোবে শিলে শিলে জুই জ্বলে
হাতুৰীয়ে মাথোঁ তাৰ সম্বল।
মে’ দিৱসৰ গানে গানে
নীলা আকাশৰ তলে দূৰ
শ্ৰমিকৰ জয়গানত কাণপাতি শুনা সৌ
হেনৰিৰ হাতুৰীৰ সুৰ।
উল্লিখিত গীতটি মে’ দিৱস অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে পৰিৱেশন কৰা হয়।মূলঃ পল ৰবছনৰ একে নামৰ গীতটিৰ পৰা হেমাংগ বিশ্বাসে অনুবাদ কৰিছিল।শ্ৰমিকসকলৰ কষ্টৰ মূল্য নিৰূপণ কৰি ১ মে’ৰ দিনটো চৰকাৰীভাৱে ছুটিৰ দিন।আগতে শ্ৰমিকসকলে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি প্ৰতিদিনে ১০ ঘণ্টাৰ পৰা ১২ ঘণ্টা কাম কৰিছিল।সপ্তাহৰ ৬ টা দিনেই কৰ্মত লিপ্ত আছিল।কষ্টৰ বিনিময়ত শ্ৰমিকসকলে তেনেই নগণ্য মজুৰি পাইছিল।অতি অমানৱীয়ভাৱে শ্ৰমিকসকলে জীৱন-নিৰ্বাহ কৰিছিল।১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে ১০-১২ ঘণ্টাৰ বিপৰীতে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল।কাৰ্যকৰী কৰাৰ দাবীত ১৮৮৬ চনৰ ১ মে’ লৈ সময়সীমা বান্ধি দিছিল যদিও কাৰখানাৰ মালিকপক্ষই এই দাবী মানি নল’লে।দাবী মানি নোলোৱাৰ বাবে ১৮৮৬ চনৰ ৪ মে’ তাৰিখে বৰষুণকো নেওচি সন্ধিয়া পৰত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ বাণিজ্যিক এলেকাত সকলো শ্ৰমিকে শোভাযাত্ৰাৰ উদ্দেশ্যি সমবেত হয়।১৮৭২ ৰ চনতো শ্ৰমিকসকলে বিশাল শোভাযাত্ৰাৰ কৰিছিল।আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যি কিছুকথা ব্যক্ত কৰিছিল।সেইঠাইতে অলপ দূৰৈত ৰৈ থকা আৰক্ষী বাহিনীৰ ওচৰত বোমা বিস্ফোৰণ ঘটে।বোমাত এজন আৰক্ষী বিষয়া থিতাতে মৃত্যু হয়।আৰক্ষীবাহিনীয়ে শ্ৰমিকসকলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাত গণ হত্যালৈ ৰূপান্তৰিত হয়।সেই ঠাইতে ১১ জন শ্ৰমিক ছহিদ হয়।পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ ৮ জনক অভিযুক্ত হিচাপে বিবেচিত কৰা হয়।বিচাৰৰ পাছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে ৬ জনক ফাঁচী দিয়া হয়।এজন ফাঁচী দিয়াৰ আগতেই কাৰাগাৰত আত্মহত্যা কৰে।আৰু আনজনক ১৫ বছৰৰ বাবে কাৰাদণ্ড বিহিত কৰা হয়।অৱশেষত শ্ৰমিকসকলৰ দৈনিক ৮ ঘণ্টা কামৰ দাবীয়ে স্বীকৃতি লাভ কৰিলে।ছহিদ শ্ৰমিকসকলক স্মৰণ কৰি ১৮৯০ চনৰ পৰা প্ৰত্যেক বছৰে ১ মে’ দিনটো সমগ্ৰ বিশ্বতে মে’ দিৱস নামেৰে পালন কৰা হয়।কিছুমান দেশে আন্তজাৰ্তিক শ্ৰমিক দিৱস হিচাপেও পালন কৰে।কিন্তু যুক্তৰাষ্ট্ৰ বা কানাডাত এই দিৱস পালন কৰা নহয়।এই দিৱসৰ লগত শ্ৰমিকসকলৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে।শ্ৰমিকসকলক মৰ্যাদা প্ৰদান কৰাৰ অৰ্থে উক্ত দিনটো পালন কৰাৰ লগতে শ্ৰমৰ গীতৰ কলিৰে সুঁৱৰি সন্মান প্ৰদান কৰা হয়।