শ্ৰব্য এলবাম ‘নিশিগন্ধা’ মুকলি

শ্ৰব্য এলবাম ‘নিশিগন্ধা’ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া আধুনিক গীতৰ জগতত নৱতম সংযোজন হিচাপে বলিউডৰ সংগীত জগতত নতুনকৈ খোজ পেলোৱা অসমৰ প্ৰতিভাৱান সংগীত পৰিচালক দীপাংকৰ অমৃতৰ সুৰ, সংগীত পৰিচালনা আৰু অমৃত মিউজিকৰ প্ৰযোজনাত নিৰ্মিত ‘নিশিগন্ধা’ নামৰ অসমীয়া গীতৰ নতুন এলবাম এটা দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয়। ডানিছ আহমেদে আঁত ধৰা আৰু বহু বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশেষ আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে যশস্বী সংগীতজ্ঞ লোকনাথ গোস্বামী, হিৰণ শইকীয়া লহকৰ, ৰুমি শৰ্মা বৰঠাকুৰ, আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা। আনহাতে এই এলবামটোৰ গীতকেইটাক কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু, ৰূপম ভূঞা আৰু মধুস্মিতা বৰঠাকুৰে। চাৰিটা গীত সন্নিৱিষ্ট এই এলবামটোৰ ‘নিয়ৰৰ মুকুতা’ আৰু ‘তোমাৰ সজল’ শীৰ্ষক গীত দুটা কথাৰে সজাইছে অসমীয়া সাহিত্য ক্ষেত্ৰৰ পৰিচিত লেখিকা হিৰণ শইকীয়া লহকৰে, আন এটি গীত ‘নিশিগন্ধা’ কথাৰে সজাইছে গীতাশ্ৰী দেৱীয়ে। পৰীক্ষামূলকভাৱে ‘নিশিগন্ধা’ গীতটো দুটা শৈলীত উপস্থাপন কৰা হৈছে। গুৱাহাটীৰ এম কে ডিজিটেল, জিৰো ডি বি আৰু মুম্বাইৰ ষ্ট্ৰিংচ ৰেকৰ্ডিং ষ্টুডিঅ’ত বাণীবন্ধন কৰা এলবামটোৰ সংগীত আয়োজন ক্ৰমে প্ৰীতম দত্ত, মানস বৰঠাকুৰ আৰু বিভূতি গগৈৰ। সংগীত শিল্পীসকল হল –  মেণ্ডোলিনত দিগন্ত শৰ্মা, চেটাৰত অস্থীকা গোৱেল, গীতাৰত কন্দৰ্প কলিতা, বেচ গীতাৰত হিমাংশু বৰুৱা আৰু বিশ্বজিত চক্ৰৱৰ্তী, পিয়ানোত মুনু অনোৱাৰ হুছেইন, বাঁহীত ভাস্কৰজ্যোতি কলিতা। শব্দ সংমিশ্ৰণ গিৰীশ শইকীয়াৰ। নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী গীতকেইটাই শ্ৰোতাৰ মন জয় কৰিব পাৰিব বুলি আশা কৰা হৈছে।

   —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ