শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ বহাগ মাথো এটি ঋতু নহয়-স্বাগতা বৰুৱা গোস্বামী

শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ বহাগ মাথো এটি ঋতু নহয়

নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুসৰেখা

গণ জীৱনৰ ই সাহ সচাঁই বহাগ আমাৰ আয়ুসৰেখা। বহাগেই কঢ়িয়াই আনে মিলনৰ বতৰা।জীৱ-জন্তুৰ পৰা গছ লতিকালৈকে সকলোৱে নিজকে ন-সাজেৰে সজায়।আমে মলিয়াই, কঠালে মুচি পেলাই,নাহৰ,তগৰ,খৰিকাজাঁই,হাচনাহানাৰ আমোল মোলোৱা গোন্ধে চৌদিশে সুগন্ধি বিয়পাই।কুলি কেতেকীৰ বিননিত থৌকি বাথৌ হিয়া মন।

শ্ৰদ্ধাৰ কুইন দাস বাইদেউৰ বহাগতে আহিবি চেনাই অ’
খোপাতে এপাহি কপৌফুল দিবলৈ…গীতটি সৰোগত কৰাৰ সময়।

এতিয়া বহাগৰ বতৰ।মৰমৰ চেনাইৰ অপেক্ষাত পদূলিৰমুৰলৈ ঘনে পতি চোৱাৰ সময়।এতিয়া সময় আপোনজনলৈ বিহুৱান দিয়াৰ।গাৱে গাৱে তাঁতশালত মাকোৰ খিতিক খিতিক শব্দ।ঢেকীশালৰ ঢেংকুলুছ ঢেংকুলুছ শব্দই গাভৰুৰ বুকুত ধান বান্ধে।জুহালত আইদেউহতৰ হাহিঁৰ থুনপাকত পিঠাৰ আমোলমোল গোন্ধ।ঢোল পেঁপাৰ গুমগুমানি,গগনাৰ কেকু কেকুশব্দই আকাশ বতাহ সকলো মুখৰিত হয়।আহোমৰ যুগতে স্বীকৃতি লাভ কৰা বিহু অসমীয়াৰ প্ৰাণ।অসমীয়াৰ স্বাভিমান,অসমীয়াৰ আবেগ!ই অসমীয়াৰ আয়ুস ৰেখা।আমি অসমীয়া,আমাৰ সকলো আছে।আমাৰ মাটি আছে,ভেটি আছে,খেতি আছে,গৰু আছে,নাঙল আছে,তাঁতশাল আছে সকলো আছে আমাৰ। কিন্ত আজিৰ এই যান্ত্ৰিকতাৰ যুগত আমি বিহুৰ অহাৰ উমান পাওঁ আমাৰ হাতৰ মুঠি শুৱনি কৰা ম’বাইল ফনটোত।উমান পাওঁ লেখক,কবি সাহিত্যিকৰ কাপত,উমান পাওঁ বজাৰত,উমান পাওঁ টিভিৰ ব্ৰেকিং নিউজত।টিভিৰ ব্ৰেকিং নিউজত এইকাৰণেই পাওঁ বুলি লিখিলো কাৰণ আমাৰ গছ তলৰ বিহু অথবা গৃহস্থৰ চোতালত মুৰৰ চুলি চিঙি আৰ্শীবাদ দিয়া ঢুলীয়া নাচনীক লৈ যোৱা হ’ল বিশ্বৰেকৰ্ডলৈ।ঠিকেই আছে আমাৰ বৰমূৰীয়াসকলে যি কৰিছে ভাল কৰিছে বুলি ভাবি আগলৈ আৰু ভাল হওঁক বুলি আশাৰে বাট চাই ৰ’লো যাতে আমাৰ বাপতিসাহোন বহাগৰ বিহুটিৰ চৌদিশে আৰু জয় জয় ময় অৱস্থা। অতি দূখৰ বিষয় এতিয়া অসমীয়া জাতি সংকটত,ভাষা সংকটত,আমাৰ স্বাভিমানৰ প্ৰতিক গামোচাখন দ্বিখণ্ডিত,লুপ্তকৰা হ’ল মোগলৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায়,লুপ্ত হ’ল বীৰ লাচিতৰ প্ৰতিপক্ষ,ক্ৰমাত কমি আহিছে গাৱে ভূঞে ঢোল পেঁপাৰ গুমগুমণি,নাই তাঁতশালৰ খিতিক খিতিক শব্দ, নাঙলৰ মুঠিৰ শকতি আজিৰ ডেকাই চিনি নোপোৱা হ’ল। এতিয়া উচাহৰ বতৰত আমি সকলোৱে আশাৰে বাট চাই ৰোৱা আমাৰ বাপতিসাহোন বহাগৰ বিহুতি আদৰিবলৈ সাজু হও আহক।

স্বাগতা বৰুৱা গোস্বামী