শ্ৰদ্ধাঞ্জলি -অশোক খুৰালৈ
অঞ্জু শাণ্ডিল্য
কিবা অনুষ্ঠানলৈ গ’লে আৰু সভা-সমিতিত লগ পালে বিভিন্নজনে সোধে, “আইজনী, তোমাৰ মাৰাৰ ঘৰ ক’ত?” অথবা তুমি ক’ৰ জীয়ৰী? আমি উত্তৰত যোৰহাটৰ ঢাপকটাৰ জীয়ৰী বুলি ক’লে আকৌ কয়, “ঢাপকটা বৰ সত্ৰৰ অশোক কুমাৰ গোস্বামীৰ ঘৰৰ ওচৰত নেকি? ” আমি আগ্ৰহেৰে কৈছিলো, “হয়,তেখেত আমাৰ খুৰা।আপুনি চিনি পায় নেকি? ” উত্তৰত কৈছিল, “ময়েই নহয় গোটেই অসমৰ মানুহে চিনি পায়!” কথাটো শুনি কিমান যে ভাল লাগিছিল বুজাব নোৱাৰি ।সেই জন খুৰা যোৱা ২ফেব্ৰুয়াৰীত একে বাৰে গুছি গ’ল,কোনো দিনে ওভতি নহাৰ বাটেৰে ।সৰুৰেপৰা দেউতাৰ মুখত ককা স্বৰ্গীয় নন্দ কান্ত গোস্বামীদেৱৰ মুখত খুৰাৰ কথা শুনি আহিছিলো।আমি যেতিয়া পশ্চিম যোৰহাটৰ শ্ৰী শ্ৰী ঢাপকটা বৰসত্ৰত নিগাজীকৈ থাকিবলৈ আহিলো তেতিয়াহে খুৰাক ওচৰৰ পৰা লগ পাইছিলো।অতি সুন্দৰ চেহেৰাৰ খুৰাৰ কথা শুনিলে শুনি থাকিবলৈ মন যায়।ককা,দেউতাৰ পৰা জানিবলৈ পাই আচৰিত হৈছিলো,দশম শ্ৰেণীত পঢ়ি থাকোতে খুৰাই চকুৰে কম দেখা বাবে সহপাঠী ব্ৰজগোপাল ভট্টাচাৰ্যই পঢ়ি যোৱা পাঠ্য -পুথিৰ পাঠ শুনি শুনি মনত ৰাখি গৈছিল।ইফালে আগত হাইস্কুল শিক্ষান্ত পৰীক্ষা ।ককাই চকুৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল।ডাক্তৰে চচ্মা দিয়াৰ পাছতেই মেট্ৰিক পৰীক্ষাত বহিছিল।আৰু পশ্চিম যোৰহাটৰ দহোটিয়া হাইস্কুলৰ পৰা সঙ্স্কৃত বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগতে মেট্ৰিক পাছ কৰে!তাৰ পাছত যোৰহাট জেবি কলেজৰপৰা আই এ পৰীক্ষাত সঙ্স্কৃত বিষয়ত লেটাৰ নম্বৰসহ ষষ্ঠ স্থান লাভ কৰে।একে খন কলেজৰপৰা সঙ্স্কৃত বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে ।তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে ।কাব্য-সাহিত্যত সোণৰ পদক লাভ কৰে ।
১৯৭৯চনত গুৱাহাটী বিশ্ববিদ্যালয়পৰা পিএইচডি ডিগ্ৰী অৰ্জন কৰা খুৰাই কেইবা খনো শিক্ষানুষ্ঠানত শিক্ষকতা -অধ্যাপনা কৰি পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা ৰূপে নিযুক্তি লাভ কৰে ।তাৰ পাছত অধ্যাপক হৈ সঙ্স্কৃত বিভাগৰ মুৰব্বী অধ্যাপকৰ পদ লাভ কৰে ।বিশ্ববিদ্যালয়খনৰ বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ সৰ্বাঙ্গীণ উন্নয়নত মনোনিৱেশ কৰিছিল ।ইয়াৰ মাজতে বিভিন্ন সভা-সমিতিত, অনুষ্ঠানলৈ গৈ বক্তৃতা প্ৰদান কৰিছিল ।বহুত গ্ৰন্থ ৰচনা কৰিছিল-ভৱভূতি,বাল্মীকি ৰামায়ণ, সঙ্স্কৃত বাঙ্ময় ,সুবচন সম্ভাৰ,ঐতিহ্য ভাৰতীয় সাহিত্যি,লঘুলেখালতিকা,সাহিত্য চিন্তা চতুৰ্দশী,আনন্দৰাম বৰুৱা, কৃষ্ণ কান্ত সন্দিকৈ, শ্ৰী কৃষ্ণ কথা মৃত ,ৰামায়ণ বাক্যামৃত,The Bhaktiratnakara of Shrimanta Shankardava, শেষৰ খন গ্ৰন্থৰ বাবে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বঁটা লাভ কৰে ।২০০০চনত ভাৰত চৰকাৰে সঙ্স্কৃত শিক্ষক সন্মান প্ৰদান কৰিছিল ।২০০১-২০০২চনত ৰাষ্ট্ৰপতি সন্মান লাভ কৰিছিল ।সৰুতেই চকুৰ ৰোগত আক্ৰান্ত হোৱা খুৰাক মধুমেহ ৰোগেও আক্ৰমণ কৰিছিল।২০২০চনত কোভিড মহামাৰীৰ বাবে নিসঙ্গ হৈ পৰা খুৰাৰ স্মৃতি শক্তি লোপ পাইছিল ।প্ৰায় দুবছৰ বাৰ্ধক্যজনিত ৰোগত ভূগি অৱশেষত মৃত্যু বৰণ কৰিলে ।মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমতে শোকৰ ছা পৰে।অকলশৰীয়া হৈ পৰিছে খুৰী বীণাদেবী।কন্যা মিমু শোকত ভাগি পৰিছে ।আজি আদ্য শ্ৰাদ্ধ উপলক্ষে জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি আৰু ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো মৃতকৰ আত্মাই সদগতি লাভ কৰাৰ ।পৰিয়ালৰ সকলোলৈকে সমবেদনা জনাইছো ।