শ্ৰদ্ধাঞ্জলি
কৰুণা গোস্বামী
(২৪ডিচেম্বৰ,আদ্য শ্ৰাদ্ধৰ বাবে)
অঞ্জু শাণ্ডিল্য
মানুহ গৰাকীৰ সৈতে আমাৰ তেজ-মঙহৰ সম্পৰ্ক নাছিল; কিন্তু আছিল আন্তৰিক সম্পৰ্ক! ভাইটীয়ে তেখেতৰ বৰ জীয়ৰী কবিতা গোস্বামীক বিয়া কৰোৱাৰ পিছৰ পৰা আমাৰ ঘৰৰ সৈতে সৌহাদ্যপূৰ্ণ সম্বন্ধ গঢ়ি উঠে।বিভিন্ন সময়ত তেখেত সকলৰ ঘৰলৈ গৈছো আৰু মানুহ গৰাকীৰ আদৰ-সাদৰ মনত আছে ।টীয়কৰ বাসগৃহ তেখেতৰ উপস্থিতিৰ বাবে শুৱনি হৈ আছিল; কিন্তু যোৱা ১৪ডিচেম্বৰৰ ৰাতিপুৱা ৭বাজি৩০মিনিটত সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে।কিছু দিন যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতেলত চিকিৎসাধীন অবস্থাত আছিল আৰু সকলোৱে আশা কৰিছিল,আৰোগ্য হৈ ঘৰলৈ উভতি আহিব।আমিও সেই আশা কৰিছিলো ।ঘৰলৈ উভতি আহিল যদিও আগতকৈ সঙ্কটজনক অৱস্থাতহে আহিছিল ।তথাপিও পৰিয়ালৰ সকলোৱে সুস্থ কৰি তুলিবলৈ অশেষ চেষ্টা কৰিছিল ।সকলো চেষ্টা অথলে গ’ল।২০২২চনৰ ১২জানুৱাৰীত মৃত্যু হোৱা স্বামীৰ কাষলৈ গুছি গ’ল।মাইনা, নীতুমণী,কবিতা,সবিতা, ভবানী,সৰুভাইটী,মুনু,অকণমানীক অকলশৰীয়া কৰিলে।আত্মীয়-সজ্বন,বঙ্শ-পৰিয়াল,ওচৰ-চুবুৰীয়া সকলো শোকত ভাগি পৰিছে ।আমিও ।অক্টোবৰ মাহত আমাৰ স্বামীৰ মৃত্যুত আমাক সান্ত্বনা দিবলৈ গৈ মানুহ গৰাকীয়ে নিজেই কান্দি কান্দি কথা ক’ব নোৱাৰা হৈ পৰিছিল! আৰু সেই বাৰেই শেষ বাৰ্তালাপ হ’ব পাৰে ভবা নাছিলো! টীয়কৰ কৰুণা গোস্বামী নামৰ সৰবৰহী,মৰমীয়াল, ধৰ্ম পৰায়ণা মহিলা গৰাকী কায়িক ভাৱে নোহোৱা হৈ গ’ল যদিও তেখেতৰ পৰোপকাৰীতা,সৎস্বভাৱৰ কথা সোঁৱৰণত মানুহৰ মাজত জীয়াই থাকিব ।আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালৰ সকলোকে সমবেদনা জনোৱাৰ লগতে মৃতকৰ আত্মাই সদগতি লাভ কৰাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।
