শ্ৰদ্ধাঞ্জলি
৺ সুৰেন্দ্ৰ কুমাৰ বৰুৱা
(জন্ম : ৭/১১/১৯২৯, মৃত্যু : ২৬/৬/২০২৫)
–জীতেন বড়া,গুৱাহাটী
অসম চৰকাৰৰ অসামৰিক সেৱা বিভাগৰ অৱসৰী বিষয়া সুৰেন্দ্ৰ কুমাৰ বৰুৱা ৯৬ বছৰ বয়সত গুৱাহাটীৰ আমবাৰীৰ নিজা বাসভৱনত হৃদ ৰোগত আক্ৰান্ত হৈ যোৱা ২৬ জুলাই ২০২৫ তাৰিখে পুৱা ৭.৩৫ বজাত ইহলীলা সম্বৰণ কৰে।
উত্তৰ লক্ষীমপুৰৰ লালুকত ০৭-১১-১৯২৯ চনত জন্ম গ্ৰহণ কৰা আমাৰ শ্ৰদ্ধেয় আৰু মৰমৰ মহা অসম চৰকাৰৰ ভূমি অভিলেখ বিভাগৰ পৰা অতিৰিক্ত সঞ্চালক হিচাপে অৱসৰ লোৱাৰ পিছত বিভিন্ন সামাজিক কামত মৃত্যুৰ আগমূহুৰ্ত্তলৈকে জড়িত হৈ আছিল। তেখেত আছিল অসম চৰকাৰৰ পেন্সনাৰ সন্থাৰ প্ৰাক্তন সম্পাদক আৰু সক্ৰিয় সদস্য। লগতে তেওঁ অসম গণ পৰিষদৰ আমবাৰীৰ ৱাৰ্ড প্ৰেচিডেন্ট আছিল। ইতিহাস আৰু ৰাজনীতি চৰ্চ্চা কৰি ভাল পোৱা মহাই বৰ্তমান চলি থকা যুদ্ধৰ সমস্ত খবৰ ৰাখিছিল।
কটন কলেজৰ ছাত্ৰ হিচাপে তেখেত এজন সুদক্ষ NCC কেডেট হোৱাৰ বাবে তেখেতক অসম NCC under officer হিচাপে নিযুক্তি দি তেওঁৰ অধীনত ১৯৫২ চনত অসম ৰাজ্যই প্ৰথম বাৰৰ বাবে দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ গ্ৰহণ কৰে। সৰ্বভাৰতীয় স্তৰত অসমৰ দলটোৱে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হয় আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
সৰুতে মাতৃহাৰা হোৱা মহাৰ পিতৃ শশীধৰ বৰুৱা আছিল বৃটিছ শাসিত আৰু স্বাধীন অসমৰ চৰকাৰী বিষয়া। ১৯৬১ চনত মহা নগাওঁ জিলাৰ চামগুৰিত খণ্ড উন্নয়ণ বিষয়া হৈ থকাৰ সময়ত ৰঙাগৰাৰ উচ্চ শিক্ষিতা নীলিমা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহাই মাহীক লোৱা আদৰ যতন আছিল পৰিয়ালৰ সৰ্বজনবিদিত। তেওঁ মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, একমাত্ৰ জীয়াৰী, দুই বোৱাৰী, জোঁৱাই, আৰু তিনিটি নাতি-নাতিনী এৰি থৈ যায়।
অতি নম্ৰ, ভদ্ৰ আৰু অমায়িক স্বভাৱৰ মৰমৰ মহাৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে তেখেতৰ বিদেহ আত্মাই চিৰ শান্তি লাভ কৰে।