শ্রীশ্রী আঠখেলীয়া নামঘৰৰ নৱনির্মিত নাটঘৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রীয়ে

শ্রীশ্রী আঠখেলীয়া নামঘৰৰ নৱনির্মিত নাটঘৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-   মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঐতিহ্যমণ্ডিত শ্রীশ্রী আঠখেলীয়া নামঘৰত উপস্থিত হৈ নৱনিৰ্মিত নাটঘৰৰ শুভ উদ্বোধন কৰে। তেওঁ নামঘৰত বন্তি প্রজ্বলনেৰে অসমবাসীৰ কুশল-মংগল কামনা কৰি সেৱা আগবঢ়ায়। উল্লেখ্য যে, এই পৱিত্র আধ্যাত্মিকস্থলী উন্নয়ন সাধনৰ অৰ্থে ৰাজ্য চৰকাৰে আগবঢ়োৱা আর্থিক বৰঙণিৰে ইতিমধ্যে অতিথি গৃহ, মাহ-প্রসাদ ধোৱা গৃহৰ নিৰ্মাণকে ধৰি কেইবাটাও কাম সম্পাদন হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই আঠখেলীয়া নামঘৰ অসমৰ অতি পৱিত্ৰ স্থান বুলি অভিহিত কৰি কয় যে ৰাজ্য চৰকাৰৰ পুঁজিৰে এই নামঘৰটি অত্যন্ত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তিত কলেৱৰ দেখি আনন্দিত হোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে ২০২১ চনত আঠখেলীয়া নামঘৰলৈ অহাৰ সময়ত এই নামঘৰৰ উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব বুলি প্রতিশ্রুতি দিয়া হৈছিল। নামঘৰ পৰিচালনা সমিতি তথা স্থানীয় বিধায়ক অজন্তা নেওগে ইয়াক অতি সুন্দৰভাৱে সজাই-পৰাই তুলিছে। অসম এখন আধ্যাত্মিকভাৱে অতি পৱিত্ৰ ৰাজ্য। অসমৰ চুকে-কোণে অজস্র আধ্যাত্মিক সম্পদৰাজি লুকাই আছে আৰু এই আধ্যাত্মিক সম্পদৰাজিৰ মাজতে অসমীয়া মানুহে জীয়াই থকাৰ শকতি লাভ কৰে বুলি তেওঁ মন্তব্য কৰে। অসমীয়া মানুহে ভক্তিৰসত ডুব গৈ নিজৰ জীৱনক আগুৱাই লৈ যায়। আঠখেলীয়া নামঘৰৰ দৰে প্ৰতিটো আধ্যাত্মিক অনুষ্ঠানত হোৱা জনসমাগমে সোঁৱৰাই দিয়ে যে অসমৰ ৰাইজে আধ্যাত্মিকতাক আদৰি লৈছে। নিজৰ নিজৰ জীৱন পৰিক্ৰমাত গুৰুজনাই দেখুৱাই যোৱা পথেৰে আগুৱাই যোৱাৰ বাবে প্ৰয়াস কৰে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ ৰাজ্যখনৰ বিকাশ তথা সর্বাংগীণ উন্নয়নৰ বাবে আঠখেলীয়া নামঘৰৰ ভকতবৃন্দক প্রার্থনা জনোৱাৰ বাবেও আহ্বান জনায়। ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ জীৱনৰ পৰা যাতে দুখ-দুর্দশা আঁতৰি যায় আৰু ৰাজ্যৰ সম্পদেৰে প্ৰতিটো পৰিয়াল উপকৃত হোৱাৰ লগতে সদায় ৰাজ্যখন শস্য-শ্যামলা হৈ থাকে তাৰ বাবেও প্রার্থনা জনাবলৈ তেওঁ আহ্বান জনায়। তেওঁ লগতে কয় যে সকলোৱে লগ হৈ শান্তিপূর্ণ আৰু এখন বিকশিত ৰাজ্য হিচাপে আগুৱাই লৈ যোৱাৰ দিশত অৱদান আগবঢ়াব লাগিব। মুখ্যমন্ত্রী ড° শর্মাই আঠখেলীয়া নামঘৰে ভৱিষ্যতে কিবা পৰিকল্পনা হাতত ল’লে অথবা ইয়াৰ বিকাশৰ বাবে নতুন চিন্তা-চৰ্চা কৰিলে ৰাজ্য চৰকাৰক অৱগত কৰিবলৈ পৰিচালনা সমিতিক আহ্বান জনায়। তেওঁ এইক্ষেত্রত অসম চৰকাৰে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলিও আশ্বাস দিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ কছাৰীহাটৰ বনগাঁৱত উপস্থিত হৈ ত্রিশূল মন্দিৰত বৈদিক ৰীতি-নীতিৰে পূজা-অর্চনাত ভাগ লৈ অসমবাসীৰ কুশল-মংগল কামনা কৰি প্রার্থনা জনায়। এই সময়ছোৱাত কৃষিমন্ত্রী অতুল বৰা, বিত্তমন্ত্রী অজন্তা নেওগ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্য প্রসাদ তাছা, শ্বজিৎ ফুকনৰ উপৰি জিলা আযুক্ত পুলক মহন্ত প্রমুখ্যে গণ্য-মান্য ব্যক্তি আৰু ভকতবৃন্দ উপস্থিত থাকে।