শ্রীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমেসিংহেক গ্ৰেপ্তাৰ

শ্রীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমেসিংহেক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- চিআইডিয়ে চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগত শ্রীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমেসিংহেক ৰাজধানী কলম্বোেত গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰপতি হৈ থকা সময়ছোৱাত চৰকাৰী পুঁজিৰে গ্রেট ব্রিটেইন ভ্রমণ ব্যক্তিগত কাৰণত কৰাৰ অভিযোগত ৰনিল বিক্ৰমেসিংহেক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে। কলম্বোত প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীক সোধা-পোছা কৰাৰ অন্তত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে বুলি চিআইডিয়ে প্রকাশ কৰিছে। ২০২২ চনৰ পৰা ২০২৪ চনলৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোঁতেই ৰনিল বিক্ৰমেসিংহেই তেওঁৰ পত্নী মৈথি বিক্ৰমেসিংহে পিএইচডি গ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ব্রিটেইন ভ্ৰমণ কৰাৰ সময়ত চৰকাৰী পুঁজি ব্যয় কৰিছিল। ২০২৩ চনৰ ছেপ্টেম্বৰত ৱলভাৰহেমটন বিশ্ববিদ্যালয়ত এই অনুষ্ঠান আয়োজিত হৈছিল। ইপিনে প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ গ্রেট ব্রিটেইন ভ্ৰমণৰ সমান্তৰালকৈ কিউবা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়তো চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ তদন্ত চলি আছে। অনুসন্ধানকাৰীয়ে লাভ কৰা তথ্য অনুসৰি লণ্ডন ভ্রমণত চৰকাৰী পুঁজিৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ১৬.৯ নিযুত টকা ব্যয় কৰিছিল। মন কৰিবলগীয়া যে প্রাক্তন ৰাষ্ট্ৰপতি বিক্ৰমেসিংহেই তেওঁৰ বিৰুদ্ধে উঠা অভিযোগক অস্বীকাৰ কৰি আহিছে।