শ্রমিক নেতা সন্তোষ কুমাৰ তন্নৰ সোঁৱৰণত শ্রমিক কল্যাণ দিৱস উদযাপন
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- শ্রমিক নেতা সন্তোষ কুমাৰ তগ্নৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ উদ্যোগত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শ্রমিক কল্যাণ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত অংশগ্রহণ কৰি শ্ৰম আৰু কল্যাণ ইত্যাদি বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে কয় যে সুস্থ সবল শ্রমিক অবিহনে দেশৰ প্ৰগতি সম্ভৱপৰ নহয়। ৰাষ্ট্র গঠনৰ ক্ষেত্ৰত শ্রমিকসকলৰ ত্যাগ সদায় লেখত ল’বলগীয়া। বৰ্তমানৰ ৰাজ্য চৰকাৰে শ্ৰমিকৰ কল্যাণৰ হকে জাতি-বর্ণ নির্বিশেষে বহুতো পদক্ষেপ গ্রহণ কৰিছে। অনুষ্ঠানত শ্রমিক নেতা সন্তোষ কুমাৰ তগ্নৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰি কৃষি ইত্যাদি বিভাগৰ মন্ত্রী অতুল বৰাই ৰাজ্যখনৰ অর্থনৈতিক ভেটি সবল কৰাত কৃষকসকলৰ সৈতে শ্ৰমিকৰ এক গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে অসমৰ চাহৰ ২০০ বছৰীয়া উদযাপনৰ সময়ত চাহ জনজাতি সম্প্রদায়ৰ উন্নয়নৰ অর্থে বিভিন্ন কল্যাণমূলক পদক্ষেপ গ্রহণ কৰাৰ কথাও মন্ত্ৰী বৰাই সদৰী কৰে। ইতিমধ্যে চাহ জনজাতি সম্প্রদায়ৰ শিক্ষার্থীসকলক কাৰিকৰী শিক্ষা গ্ৰহণৰ প্ৰতি উৎসাহিত কৰি তুলিবলৈ অসম চৰকাৰে এম বি বি এছ পাঠ্যক্রমত ২৪ খন আৰু বি ডি এছ পাঠ্যক্রমত ৩ খন আসন সংৰক্ষণ কৰাৰ কথাও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। চৰকাৰী ব্যৱস্থাত অংশগ্রহণ সুনিশ্চিত কৰাৰ হেতু চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে চৰকাৰী চাকৰিত প্ৰায় ৩ শতাংশ সংৰক্ষণৰ পদক্ষেপ লোৱা হৈছে। ইফালে একেটা অনুষ্ঠানত পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ভাষণত শ্রমিক নেতা সন্তোষ কুমাৰ ভগ্নৰ ত্যাগ আৰু দেশপ্ৰেমৰ কথা কৃতজ্ঞতাৰে সোঁৱৰে। শ্রমিক কল্যাণ দিৱসত মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰি পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দম্ভৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীযে এখন শক্তিশালী আৰু অধিক সর্বাংগীন সমাজ গঢ়াৰ বাবে শ্রমিক শক্তিৰ প্ৰয়োজনীয়তাক স্বীকৃতি প্রদান কৰাৰ লগতে এনেকুৱা এক অনুষ্ঠান সুশৃংখল আৰু সুচাৰু ৰূপত আযোজন কৰাৰ বাবে শ্রম আয়ুক্ত কার্যালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ ব’ৰ্ড আৰু আয়ুষ্মান ভাৰত (প্রধানমন্ত্রী জন আৰোগ্য যোজনা-পি এম জে এ ৱাই) আঁচনিৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বুজাবুজিৰ স্মাৰকপত্ৰত স্বাক্ষৰ কৰা সমগ্র দেশৰ ভিতৰতে অসম হৈছে প্ৰথমখন ৰাজ্য। শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে অনুষ্ঠানত ২৬টা বঁটা প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, আটছাৰ সভাপতি ধীৰাজ গোৱালা, সন্তোষ কুমাৰ তগ্নৰ পুত্ৰ দয়াল তগ্ন, শ্ৰম আৰু কল্যাণ বিভাগৰ সচিব বি কল্যাণ চক্ৰৱৰ্তী, শ্রম আয়ুক্ত অনামিকা তেৱাৰী, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘানিধি দাহাল, আন্তঃৰাষ্টীয় দক্ষিণ এছিয়া শ্রমিক সংস্থাৰ সমন্বয়ক ৰঞ্জিত প্রকাশকে আদি কৰি বিভাগৰ বিষয়া-কর্মচাৰী, আদিবাসী সংগঠন, চাহ বাগিচাৰ প্রতিনিধি আৰু ছাত্র-ছাত্রীসকল উপস্থিত থাকে