শ্রমিক কল্যাণ দিৱস উদযাপন 

Pc Facebook

শ্রমিক কল্যাণ দিৱস উদযাপন 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-   অপৰিসীম কষ্ট, ত্যাগ আৰু শ্ৰমৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰা শ্ৰমিকসকলৰ শিক্ষা, স্বাস্থ্য তথা আর্থ-সামাজিক উত্তৰণ কৰিব পাৰিলেহে প্ৰকৃতাৰ্থত অসমখন উন্নয়নৰ বাটেৰে আগবাঢ়িব বুলি মন্তব্য কৰে চাহ জনজাতি কল্যাণ আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষানে। অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ উজানবজাৰস্থিত ভাস্কৰ নাট্য মন্দিৰত আজি আয়োজন কৰা শ্রমিক কল্যাণ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি মন্ত্ৰী সঞ্জয় কিষানে মহান চাহ শ্রমিক নেতা সন্তোষ কুমাৰ তপ্নৰ ছবিত মাল্যাৰ্পন তথা বন্তি প্ৰজ্বলন কৰি মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু উপস্থিত শ্ৰমিকসকলক শ্রমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখযোগ্য যে, অসমৰ চাহ জনগোষ্ঠীয় লোকৰ আৰ্থ-সামাজিক, সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা প্ৰয়াত সন্তোষ কুমাৰ তপ্নৰ জন্মদিনটো অসম চৰকাৰে ২০১৭ চনৰ পৰা শ্রমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছেএই দিৱসৰ মূল উদ্দেশ্য হৈছে শ্ৰমিকসকলৰ শ্ৰমৰ প্ৰতি মৰ্যদা প্ৰদান কৰি তেওঁলোকৰ অধিকাৰ আৰু প্ৰাপ্যসমূহ সময়মতে প্ৰদান কৰা । অনুষ্ঠানত শ্রম কল্যাণ মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে চাহ- জনজাতিসকলৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি হাতত লৈছে। চাহ বাগিছা অঞ্চলসমূহত ইতিমধ্যে এশৰো অধিক হাইস্কুল স্থাপন কৰা হৈছে আৰু অতি সোনকালেই উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ পৰিকল্পনাও হাতত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । 

শ্রমিক দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠানত শ্রমিক কল্যাণ বিভাগৰ নিৰ্ধাৰিত হিতাধিকাৰীৰ সন্তানসকলে বিভিন্ন ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে বঁটা প্ৰদান কৰে ৷ তদুপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা চাহ শ্ৰমিকসকলৰ সন্তানসকলকো অনুষ্ঠানত বঁটা প্ৰদান কৰে। শ্ৰম নীতিক সুপৰিকল্পিত আৰু সুচাৰুৰূপে ৰূপায়ণ কৰা তিনিটা অনুষ্ঠান ক্রমে ইণ্ডিয়া কার্বন লিমিটেড, মেডিক’লিমিটেড আৰু ইমামী লিমিটেডলৈও অনুষ্ঠানত বঁটা আগবঢ়ায় ৷  অনুষ্ঠানত শ্রম কল্যাণ বিভাগৰ সচিব মৃদুল কুমাৰ মহন্ত প্ৰমুখ্যে বিভাগীয় বহুকেইগৰাকী বিষয়া তথা গণ্য মান্য ব্যক্তি উপস্থিত থাকে