শ্রদ্ধাৰে ভূপেনদালৈ
শত জোৱানৰ মৃত্যু দেখি
বিহ্বল হৈছিল তোমাৰ হৃদয়,
বুজিব দিছিলা হেজাৰজনক
কথাৰে নহয়, কামত পৰিচয়।
সাঁতুৰি-নাদুৰি যাযাবৰী জীৱনত
ৰণক্লান্ত নহ’লা
দু্ৰ্জেয় কণ্ঠেৰে অৱক্ষয়ত
জাতিটোক জগালা।
ঠাই ল’লা অন্তৰত সকলোজনৰ
জাগ্ৰত প্ৰহৰী ৰূপ লৈ,
বুভুক্ষু জনতাৰ আৰ্তনাদ বোৱালা
শান্তিৰ সুধাকণ্ঠ হৈ।
স্বদেশ-স্বজাতি মহীয়ান কৰিলা
ৰূপৰ তুলিকাৰে,
লুইতক মিলালা পৃথিৱীৰ সোঁতত
একতাৰ ডোলেৰে।
মানুহৰ গানেৰে মানুহৰ মাজত
ফুলিলা হৈ জাতিষ্কাৰ;
অসম মাতৃৰ সুসন্তান ভূপেনদা
জনাওঁ তোমাক নমস্কাৰ।
কুমুদ চন্দ্ৰ মেধি