শ্যামকানু-সিদ্ধার্থসহ ৭ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তসহ ৭ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পূৰ্বৰ দৰেই ভার্চুৱেলী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৭অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে যোৱা ১৫ অক্টোবৰত আদালতে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। সেইদিনাই তেওঁলোকক বাক্সাৰ নিকাছি কাৰাগাৰলৈ লৈ যোৱা হৈছিল। তাৰ দুদিন পিছতে আদালতত হাজিৰ কৰোৱা হৈছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক। আদালতে তেওঁলোককো ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু পৰৱৰ্তী সময়ত দুয়োকে কটকটীয়া নিৰাপত্তাৰে হাফলং জে’ললৈ লৈ যোৱা হৈছিল। পৰৱৰ্তী সময়ত আইন-শৃংখলাৰ দোহাই দি অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাত অভিযুক্ত এই সাতগৰাকী অভিযুক্তক ভার্চুৱেলী আদালতত হাজিৰ কৰোৱা হৈ আহিছে। এই আটাইকেইজন অভিযুক্তৰ হৈ আজি পর্যন্ত কোনো অধিবক্তাই আদালতত যুক্তি দর্শোৱা নাই। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে। ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰা এছআইটিৰ ওচৰত কেতবোৰ বেংকৰ নথি জমা দিছে দুটাকৈ বেংকৰ বিষয়াই। উলুবাৰীৰ চিআইডি কার্যালয়ত উপস্থিত হয় আইডিএফচি বেংক আৰু এক্সিছ বেংকৰ বিষয়াকেইগৰাকী। মূলতঃ জুবিন গাৰ্গৰ মেনেজাৰ ৰূপে কাম কৰা সিদ্ধার্থ শৰ্মাৰ বেংক একাউণ্ট তথা সিদ্ধাৰ্থৰ প্রেয়সী তথা ঘনিষ্ঠ প্রতীক্ষা দাসৰ বেংক একাউণ্টৰ তথ্য সংগ্ৰহ কৰি দুয়োটা বেংকৰ বিষয়াসকলে এছআইটিৰ হাতত দাখিল কৰে। তথ্য অনুসৰি জুবিন গাৰ্গৰ আৰ্জিত ধনৰ শীৰ্ষ অংশ মেনেজাৰ সিদ্ধার্থ শৰ্মাই আত্মসাৎ কৰি নিজৰ বেংকৰ লগতে প্রেয়সী প্রতীক্ষা দাসৰ বেংকত ৰাখিছিল। এই টকাৰ পৰিমাণ কোটিৰো অধিক বুলি তথ্যত প্রকাশ। স্মৰ্তব্য যে জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰ তদন্তত এছআইটিয়ে প্রতীক্ষা দাসকো সাক্ষ্য তথা সোধা-পোছাৰ বাবে তলব কৰিছিল। আৰক্ষীৰ তদন্তৰ সময়ত প্রতীক্ষা দাসে সিদ্ধার্থ শর্মা সন্দর্ভত বহুতো বিস্ফোৰক তথ্য প্রকাশ কৰিছিল।
