শ্যামকানু-সিদ্ধার্থসহ পাঁচজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

শ্যামকানু-সিদ্ধার্থসহ পাঁচজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত এছআইটিয়ে গ্ৰেপ্তাৰ কৰা ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেল আয়োজনৰ মূল উদ্যোক্তা শ্যামকানু মহন্তৰ লগতে শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মা, সম্পর্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। বুধবাৰে পুৱাৰ ভাগত এছআইটিয়ে অভিযুক্তসকলক হাজিৰ কৰোৱাৰ পিছত আদালতে আটাইকেইজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।  এছআইটিয়ে অভিযুক্তকেইজনক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে উলুবাৰীৰ চিআইডিৰ কাৰ্যালয়ৰ পৰা পাণবজাৰস্থিত কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ কক্ষলৈ কয়দী কঢ়িওৱা বাহনেৰে লৈ যায়। আদালতত প্রায় ১.৪০ ঘণ্টা সময় শুনানিৰ পিছতে ন্যায়াধীশে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ কৰিব পাৰি যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ এছআইটিয়ে ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল আৰু যোৱা ১ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল। সেইদিনাই দুয়োকে এছআইটিয়ে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় আৰু আদালতে দুয়োকে ১৪ দিনৰ বাবে এছআইটিৰ জিম্মাত দিয়ে। আৰু বুধবাৰে তেওঁলোকৰ আৰক্ষীৰ জিম্মা অন্ত পৰে। আনহাতে কেইবাদিনো সোধা-পোছাৰ অন্তত এছআইটিয়ে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা বকো সমজিলাৰ তদানীন্তন ডিএছপি সন্দীপন গাৰ্গক যোৱা ৮ অক্টোবৰত উলুবাৰীৰ চিআইডি কার্যালয়তে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁকো আদালতত হাজিৰ কৰোৱা হয় আৰু ৭ দিনৰ বাবে আদালতে এছআইটিৰ জিম্মাত দিয়ে। ইফালে জুবিন গাৰ্গৰ দুই ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো যোৱা ১০ অক্টোবৰত এছআইটিয়ে গ্ৰেপ্তাৰ কৰে। বেংক একাউণ্টত জুবিন গাৰ্গৰ কোটিৰো অধিক ধনৰ লেনদেন সংক্রান্তত এছআইটিয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোককো কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক ৫ দিনৰ এছআইটিৰ জিম্মাত দিয়ে। আজি আদালতত এই সকলোকেইজনক হাজিৰ কৰোৱাৰ সময়ত আদালত চৌহদৰ লগতে আদালত চৌহদলৈ যোৱা পথত যথেষ্টসংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। আদালতৰ পৰা তেওঁলোকক এছআইটি তথা অসম আৰক্ষীয়ে পাণবজাৰ থানালৈ লৈ যায় আৰু তাৰ পিছত নিকাছিত থকা বাক্সা জিলা কাৰাগাৰলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যায়।আনহাতে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ তথা জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কোনো অধিবক্তাই ওকালতি নকৰিলে। কোনো অধিবক্তাই অভিযুক্তসকলৰ হৈ আদালতত যুক্তি-তর্কত লিপ্ত নহ’ল।