শ্বাটলাৰ প্ৰনীত, ৰাৱাট কোভিড -১৯ত পজিটিভ 

P.c- Hindustan Times

শ্বাটলাৰ প্ৰনীত, ৰাৱাট কোভিড -১৯ত পজিটিভ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় শ্বাটলাৰ চাই প্ৰনীত আৰু ধ্ৰুৱ ৰাৱটে কোভিড-১৯ত পজিটিভ হোৱাৰ পিছত ইণ্ডিয়া অপেনৰ পৰা আঁতৰি আহিছে বুলি বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই (বিএআই) নিশ্চিত কৰে। প্ৰতিযোগিতাখন ১১ জানুৱাৰীত নতুন দিল্লীত আৰম্ভ হ’ব। দুয়োজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱাৰ আগতে আৰটি-পিচিআৰ পৰীক্ষা কৰাইছিল। ইয়াৰ আগতে, ইংলেণ্ডে তেওঁলোকৰ দলৰ দুজন সদস্য পজিটিভ হোৱাৰ পিছত সমগ্ৰ  দলটো প্ৰত্যাহাৰ কৰে।