শ্বহীদ সূৰ্য বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লুৰীণজ্যোতি গগৈৰ ঘোষণা : শ্বহীদ সকলৰ ত্যাগ জাতিৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব

শ্বহীদ সূৰ্য বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লুৰীণজ্যোতি গগৈৰ ঘোষণা : শ্বহীদ সকলৰ ত্যাগ জাতিৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব

ৰঙিলী বাৰ্ত্তাসেৱা- ভাষা আন্দোলনৰ দ্বিতীয় শ্বহীদ সূৰ্য বৰাৰ পবিত্ৰ স্মৃতিত অসম জাতীয় পৰিষদ দলে দলৰ কেন্দ্ৰীয় কার্যালয়ত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন কৰে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিচ্ছবিত পুষ্পঞ্জলি নিবেদন কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি অজাপ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ১৯৬০ চনৰ ৮ জুলাইৰ দিনা কলিকতাৰ পৰা অসমলৈ আহি থকা অৱস্থাত শিলিগুৰি ৰে’ল জংসনত বিনা অপৰাধে কোনো অসমীয়া ভাষা বিৰোধী দুৰ্বৃত্তই নিষ্ঠুৰভাৱে তেওঁক হত্যা কৰে। এই নিৰ্মম ঘটনা অসমীয়াই আজিও পাহৰা নাই আৰু ভৱিষ্যতেও নাপাহৰে। অসমীয়া ভাষাৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদৰ চৰম ত্যাগ জাতিটোৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। গগৈয়ে লগতে কয় যে আধুনিকতা, বিশ্বায়ন আৰু বজাৰ অৰ্থনীতিৰ ধামখুমিয়াৰ মাজতো একোটা ক্ষুদ্ৰ জাতিৰ আত্ম পৰিচয়ৰে জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা প্ৰথম আৰু প্ৰধান সমল হৈছে জাতিটোৰ ভাষা আৰু সংস্কৃতি৷ এসময়ত নিজস্ব কিছু অমনোযোগিতাৰ ফলত বিলুপ্তিৰ উপকণ্ঠত থিয় হোৱা জাতি একোটাইওতো আজিৰ পৃথিৱীত আত্মপৰিচয় ঘূৰাই পোৱাৰ তাড়নাত সংগ্ৰাম কৰিবলৈ ওলাই আহিছে৷ আমাৰ এই প্ৰান্তত যিদৰে ত্ৰিপুৰীসকলে নিজস্ব ভাষা কক্‌বৰক্-ৰ বাবে সংগ্ৰাম কৰি আংশিকভাৱে সফলতা লাভ কৰিছে, থিক সেইদৰে আধুনিক সাৰ্বজনীন নিউইয়ৰ্কৰ ৰাজপথতো নিজস্ব গীত-মাত, ভাষা-সংস্কৃতিৰ প্ৰদৰ্শনৰে ক্ষীণ স্বৰত হ’লেও ওলাই আহিছে কলম্বাছে বিচাৰি পোৱা দিনৰ আমেৰিকাৰ ভুমিপুত্ৰসকল৷একেদৰে আইৰ মুখৰ মাতষাৰ জীয়াই ৰাখিবলৈ অসমীয়া জাতিয়েও স্বাধীনতাৰ পূৰ্বৰে পৰা পাৰ কৰি আহিব লগা হৈছে বহু সংঘাত ৷ সেই ষড়যন্ত্ৰ ওফৰাবলৈ গৈ হেৰুৱাব লগা হৈছে বহু জীৱন৷ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে নিজৰ বৰ্তমান বলিদান দিছে ৰঞ্জিত বৰপূজাৰী, অনিল বৰা, মোজাম্মিল হককে ধৰি জ্ঞাত – অজ্ঞাত অলেখ অসমীয়াই ।অনুষ্ঠানটিত নিজৰ বক্তব্যত সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাষা আন্দোলনৰ সময়চোৱাত অকালতে নিজৰ বৰ্তমান উচৰ্গা কৰা শ্বহীদ সূৰ্য বৰাৰ কৰ্মময় জীৱনৰ চমু আভাস ডাঙি ধৰি কয় যে এতিয়াৰ মৰিগাঁও জিলাৰ অন্তৰ্গত সেইসময়ৰ নগাঁও জিলাৰ জাগীত ১৯২৬ চনত তেওঁৰ জন্ম হৈছিল ৷ পিতৃ ভূৱন চন্দ্ৰ বৰা আৰু মাতৃ মনোৰমা বৰা৷ তেওঁ ভাৰতীয় ৰেলৰ কাৰ্যালয় সহায়ক হিচাবে ১৯৪৬ চনত মালিগাঁও ৰে’লৱে কাৰ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰিছিল কবি, গীতিকাৰ আৰু অভিনেতা হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ তেওঁ ৰচনা কৰা দুখন কবিতা পুথি হৈছে সুৰ সন্ধানী আৰু জিৰণি৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তেওঁ স্বীকৃত গীতিকাৰ আছিল৷ অভিনেতা হিচাবে তেওঁৰ প্ৰতিভা প্ৰকাশ পাইছিল বিশেষকৈ লাচিত বৰফুকন আৰু নিমিলা অংকত ৷এইগৰাকী প্ৰতিভাৱান অসমীয়াক আমি হেৰুৱাব লগা হৈছিল ১৯৬০ চনৰ ভাষা আন্দোলনত। কলিকতাৰ পৰা ঘূৰি অহাৰ পথত ৮ জুলাইৰ দিনা শিলিগুৰি ৰে’ল ষ্টেচনত তেওঁ দুৰ্বৃত্তৰ পাশবিক অত্যাচাৰৰ বলি হৈ শ্বহীদ হয় ৷সেয়েহে ৮ জুলাইৰ দিনটোত প্ৰতিবছৰে সকলো অসমীয়াই এই মহান শ্বহীদ গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। অসম জাতীয় পৰিষদ দলেও ৮ জুলাইৰ পবিত্ৰ দিনটিত দলৰ কাৰ্য্যালয়ত এই শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচীৰ আয়োজন কৰে। বক্তব্যৰ শেষত ভূঞাই লগতে কয় যে ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰাৰ স্মৃতিৰ সৈতে জড়িত হৈ আছে আমাৰ ভাষাৰ সংকট৷ বিশেষকৈ আজিৰ পৰিস্থিতিত নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ জৰিয়তে এই সংকট অধিক ঘনীভূত কৰি তুলিছে বৰ্তমানৰ চৰকাৰখনে৷ এই অসংবিধানিক ব্যৱস্থাৰ দ্বাৰা জাতিটোক ধ্বংস কৰাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিবলৈ অসমৰ ৰাইজক উদ্বুদ্ধ কৰা এক ইতিহাস হৈছে ১৯৬০ চনৰ ভাষা আন্দোলন৷ এই ভাষা আন্দোলনৰ সৈতে জড়িত হৈ আছে সূৰ্য বৰাকে ধৰি অনেক জনৰ স্মৃতি, শ্বহীদ সকলৰ চৰম ত্যাগ।সেই বীৰ শ্বহীদ সকলৰ ত্যাগক জাতীয় পৰিষদে কেতিয়াও অথলে যাব নিদিয়ে৷উল্লেখ্য যে ভাষা আন্দোলনৰ বিভিন্ন দিশ সম্পৰ্কত জাতীয় পৰিষদৰ উপসভাপতি সমচেৰ সিঙ, যুটীয়া সম্পাদক গিৰিন তালুকদাৰকে ধৰি কেইবাগৰাকী বক্তাই অতি সাৰুৱা বক্তব্য প্ৰদান কৰে।