শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ প্ৰয়োজনীয়তা কিমান ? – দেবর্ষি গৌতম

PC - Dainandin Barta

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ প্ৰয়োজনীয়তা কিমান ?

দেবর্ষি গৌতম, বনগাঁও

শ্বহীদ মুকুন্দ কাকতি বুলি কলে নলবৰীয়া লোক সকলৰ দেহ মন গৌৰৱত উথলি উঠে। ঠিক একেদৰে শ্বহীদ মুকুন্দ কাকতিৰ নামেৰে নামাকৰণ কৰা নলবাৰীৰ অসামৰিক চিকিৎসালয় খনো নলবাৰীবাসীৰ বাবে এক আবেগৰ নাম। নলবাৰী জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা পদক্ষেপক প্ৰতিগৰাকী নলবাৰীবাসীয়ে আন্তৰিকতাৰে স্বাগতম জনাইছে। কিন্তু তাৰ সমান্তৰালভাবে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় খন বিলুপ্ত কৰি তাক চিকিৎসা মহাবিদ্যালয় খনৰ লগত সংযুক্ত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো একেবাৰে স্বাভাৱিক কথা। নলবাৰী চিকিৎসা মহাবিদ্যালয়খন আৰম্ভ হোৱাৰ লগে লগে পূৰ্বতকৈ আৰু অধিক জটিল ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিব সেই কথা সঁচা। কিন্তু চিকিৎসা মহাবিদ্যালয়খন নলবাৰী জিলাৰ এটা মূৰত হোৱা হেতুকে আন মূৰৰ লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হব লাগিব। অসামৰিক চিকিৎসালয় খন নলবাৰী চহৰৰ মাজ মজিয়াত হোৱা হেতুকে জিলাখনৰ প্ৰতিটো প্ৰান্তৰ পৰা যাতায়তৰ এক সুন্দৰ ব্যৱস্থা আছে। জিলাখনৰ আনটো মূৰৰ পৰা দৰিদ্ৰ লোকসকলৰ বাবে নলবাৰী চহৰৰ পৰা বহু দূৰত অৱস্থিত চিকিৎসা মহাবিদ্যালয়লৈ গৈ চিকিৎসা গ্ৰহণ কৰাটো সম্ভৱ হৈ নুঠিবও পাৰে। গতিকে জটিল চিকিৎসা সেৱা সমূহ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ কৰাৰ সমান্তৰালকৈ অসামৰিক চিকিৎসালয় খনত পূৰ্বৰ সেৱা সমূহ উপলব্ধ ৰাখিলে বিশেষকৈ বৃহত্তৰ ধৰ্মপুৰ সমষ্টিৰ লোকসকলৰ উপৰিও বৰক্ষেত্ৰী সমষ্টিৰ লোকসকলো উপকৃত হব। এখন জাননী দি চৰকাৰ আৰু স্বাস্থ্য বিভাগে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় খন বন্ধ কৰি দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজেও প্ৰতিদিনে প্ৰতিবাদ কৰি আহিছে। এখন চিকিৎসালয় নিৰ্মানৰ বাবে সেই এলেকাৰ লগতে অন্যান্য লোকসকলো উপকৃত হব কিন্তু এখন চিকিৎসালয় নিৰ্মাণ কৰি আন এখন চিকিৎসালয় বন্ধ কৰি দিলে তাৰ ফলত সিংহভাগ লোকৰ সমস্যা যে বৃদ্ধি পাব সেই কথা প্ৰতিবাদ কৰি থকা লোকসকলে প্ৰমাণ কৰিছে। এতিয়া সকলো ৰাইজে আশা প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় খন ইতিহাসৰ পাতত বিলীন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিবা পদক্ষেপ গ্ৰহণ কৰিব। জনতাৰ কণ্ঠস্বৰক আওকাণ কৰি যদি চৰকাৰ প্ৰশাসনে নিজৰ সিদ্ধান্তত অটল থাকে তেনেহলে লাহে লাহে যে চৰকাৰ প্ৰশাসনৰ প্ৰতি নলবাৰী জিলাৰ জনতাৰ আস্থা নোহোৱা হব সেই কথা নিশ্চিত। সাধাৰণ ৰাইজৰ দাবী আৰু প্ৰয়োজনৰ প্ৰতি সঁহাৰি জনায় চৰকাৰ আৰু স্বাস্থ্য বিভাগে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনত অন্তত নিম্নতম সেৱা খিনি যেনে পূৰ্বৰ দৰে বহি:বিভাগ, পূৰ্বৰ দৰে দৰৱ উপলব্ধ হোৱা, পূৰ্বৰ দৰে তেজৰ লগতে অন্যান্য পৰীক্ষা সমূহ ইত্যাদি সেৱাসমূহ উপলব্ধ কৰি ৰখাটো প্ৰয়োজনীয়। শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পূৰ্বৰ দৰে সাধাৰণ লোকৰ সেৱাৰ বাবে উপলব্ধ হৈ থাকক। চৰকাৰ আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰা জনহিতবিৰোধী সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰাটো নলবাৰী জিলাৰ প্ৰতিগৰাকী লোকে বিচাৰিছে।