শ্বহীদ – বলিন বৰদলৈ

শ্বহীদ 

বলিন বৰদলৈ
আলামি, গোলাঘাট 

আই মই তোৰ বাবে
জীৱন বলিদান দিলো
উকা হ’ল তোৰ বুকু
মৰমৰ মানুহজনীৰ কঁপালৰ
ৰঙাবেলিটো মছ খাই গ’ল  !
চেনেহৰ সন্তানকেইটা অনাথ  … ।
মই জানো তহঁতে
মোক হেৰুৱাই দিশহাৰা হৈছ
নিঠৰ দেহাটো দেখি
ৰাউছিজুৰি ৰাউছিজুৰি কান্দিবি !
কিন্তু … কিন্তু কি কৰিবি
জানইচোন আমি বলিৰ পঠা ।
তহঁতে দুখ: নকৰিবি
তহঁতে মোক লৈ
গৌৰৱ কৰিব পাৰিবি
কাৰণ মই শ্বহীদ ।