শ্বহীদ ক্ষুদিৰাম বসুৰ আত্মবলিদান দিৱস

শ্বহীদ ক্ষুদিৰাম বসুৰ আত্মবলিদান দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃটিছ সাম্ৰাজ্যবাদ বিৰোধী স্বাধীনতা আন্দোলনৰ অগ্নি শিশু মহান শ্বহীদ ক্ষুদিৰাম বসুৰ ১১৮ সংখ্যক আত্মবলিদান দিৱস। প্ৰতিবছৰৰ দৰে ছাত্ৰ সংগঠন এ আই ডি এছ অ’ৰ উদ্যোগত এই মহান শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জনোৱা, তেওঁৰ যি বীৰত্বপূর্ণ সংগ্ৰাম সেয়া স্মৰণ কৰা আৰু তাৰ ভিত্তিত অনাগত দিনত আপোচহীন ছাত্ৰ আন্দোলন গঢ়ি তোলাৰ শপত লৈ আজি সমগ্ৰ ৰাজ্যতে এই মহান শ্বহীদ গৰাকীৰ আত্মবলিদান দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন জিলা লখিমপুৰ, শোণিতপুৰ, দৰং, গোৱালপাৰা , ধুবুৰীৰ লগতে আজি গুৱাহাটীৰ উলুবাৰীতো পালন কৰা হয় । পুৱা ১০ বজাত সংগঠনৰ কৰ্মী সমৰ্থকসকল উপস্থিত হৈ মহান শ্বহীদ গৰাকীৰ প্রতিকৃতি স্থাপন কৰি মাল্যাৰ্পন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এ আই ডি এছ অ’ৰ ৰাজ্যিক কাউন্সিলৰ উপসভাপতি পল্লৱ পেগু ৰাজ্যিক সম্পাদক হেমন্ত পেগু সহ সংগঠনৰ বহুতো কৰ্মী সমৰ্থক উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক সম্পাদক হেমন্ত পেগুৱে কয়, ‘ক্ষুদিৰাম বসুৰ আত্মবলিদানে সিদিনা ভাৰতৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা দিছিল। তেওঁৰ যি আপোচহীন দেশপ্রেমিক মনোভাৱ, দৃঢ়তা, অন্যায়ৰ বিৰুদ্ধে আপোচহীনভাৱে যুঁজ কৰাৰ মানসিকতাই সিদিনা যেনেকৈ বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে ছাত্ৰ যুৱকসকলক অনুপ্ৰাণিত কৰিছিল সেয়াই আজিও আমাক অন্যায় অত্যাচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ বাবে অনুপ্ৰেৰণা দিয়ে’। অনুষ্ঠানৰ শেষত এ আই ডি এছ অ’ৰ কৰ্মীসকলে মহান শ্বহীদ গৰাকীৰ স্মাৰক বেজ দিনজোৰা পথাচাৰী সকলৰ মাজত বিতৰণ কৰে।