শ্বহীদ ই আজম ভগৎ সিঙৰ আত্মবলিদান দিৱস

শ্বহীদ ই আজম ভগৎ সিঙৰ আত্মবলিদান দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- শ্বহীদ-ই-আজম ভগৎ সিঙৰ আত্মবলিদান দিৱস উদযাপন উপলক্ষে অল ইণ্ডিয়া ডি এছ অ’ৰ কামৰূপ জিলা কমিটীৰ উদ্যোগত গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত এখনি আলোচনা সভাৰ আয়োজন কৰা হয়। আলোচনা সভাত সভাপতিত্ব কৰে সংগঠনৰ কামৰূপ জিলাৰ সভাপতি পল্লৱ পেগু আৰু বক্তব্য প্ৰদান কৰে সংগঠনৰ ৰাজ্যিক কমিটীৰ সম্পাদক হেমন্ত পেগু আৰু এছ ইউ চি আই (কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটীৰ অন্যতম সদস্য অধ্যাপক আব্দুছ ছবুৰে। অধ্যাপক আব্দুছ ছবুৰে তেওঁৰ বক্তব্য প্ৰসঙ্গত কয় যে, পৰাধীন ভাৰতৱৰ্ষত বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত ভগৎ সিঙ আছিল আপোচহীন সংগ্ৰামী ধাৰাৰ অন্যতম শ্ৰেষ্ঠ বিপ্লৱী নেতা। অত্যাচাৰী বৃটিছ চৰকাৰৰ শাসনৰ-শোষণৰ বিৰুদ্ধে আন্দোলনত তেওঁ বলিষ্ঠ ভূমিকা পালন কৰে, তাৰ ভিতৰত অন্যতম আছিল তদানীন্তন আইন সভাত শব্দবোমা নিক্ষেপ, যিয়ে বৃটিছ সাম্ৰাজ্যবাদৰ ভেঁটি কপাই দিছিল। ভগৎ সিং মাৰ্ক্সবাদী দৰ্শনৰ প্ৰতি আকৃষ্ট হৈছিল আৰু তেৱে সৰ্বপ্ৰথম ভাৰতৰ স্বাধীনতা আন্দোলনৰ লক্ষ্য সমাজতান্ত্ৰিক বিপ্লৱ সংগঠিত কৰা বুলি ঘোষণা কৰিছিল। তেওঁৰ লক্ষ্য আছিল ভাৰতৰ জনগণক কেৱল বৃটিছ সাম্ৰাজ্যবাদৰ শোষণৰ পৰা মুক্ত কৰাই নহয় পুঁজিবাদী শাসন-শোষণৰ পৰাও মুক্তি দিয়া।পৰৱৰ্তী সময়ত দেশখন ৰাজনৈতিকভাৱে স্বাধীন হ’ল যদিও ভগৎ সিঙৰ শোষণ হীন ভাৰত গঢ়ি তোলাৰ সপোন অপূৰিত থাকি গ’ল। প্ৰতিষ্ঠা হ’ল সাম্ৰাজ্যবাদী শাসনৰ-শোষণৰ পৰিৱৰ্তে নতুন আৰু এক ধৰণৰ শোষণমূলক ব্যৱস্থা ধনতন্ত্ৰ বা পুঁজিবাদী শাসন ব্যৱস্থা। সেয়ে, ভগৎ সিঙৰ অপূৰিত সপোনক বাস্তৱায়িত কৰিবলৈ অৰ্থাৎ শোষণ হীন সমাজতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ হলে ভগৎ সিঙৰ সাৰ্থক উত্তৰসূৰী মহান মাৰ্ক্সবাদী দাৰ্শনিক শিবদাস ঘোষৰ চিন্তা ধাৰাৰ ভিত্তিত গঢ়ি উঠা বিপ্লৱী ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অ’ক শক্তিশালী ৰূপে গঢ়ি তুলিব লাগিব আৰু অন্য দিশে দেশৰ স্বাধীনতা আন্দোলনৰ আপোচহীন ধাৰাৰ বীৰ বিপ্লৱীসকলৰ লগতে প্ৰগতিশীল সাংস্কৃতিক আন্দোলনৰ প্ৰতিনিধি সকলৰ জন্মদিন-মৃত্যুদিন পালনৰ মাজেৰে তেওঁলোকৰ জীৱন চৰ্চা কৰিব লাগিব। এ আই ডি এছ অ’ আজি সেই সংগ্ৰামতে নিয়োজিত। তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উন্নত নীতি-নৈতিকতা আৰু মূল্যবোধৰ ভিত্তিত ভগৎ সিঙৰ আত্মবলিদানৰ পৰা প্ৰেৰণা লৈ প্ৰকৃত বিপ্লৱী ছাত্ৰ আন্দোলন গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।