শ্বহীদসকলক প্ৰণাম – নিতিষ্মান দাস

PC - News18

শ্বহীদসকলক প্ৰণাম

নিতিষ্মান দাস

মোৰ দেশৰ বীৰ শ্বহীদসকলক,
জনালোঁ সকলোকে শত-কোটি প্ৰণাম;
কেনেকৈ সান্তনা দিওঁ সৱৰে মনক
এনে বাৰু বীৰক জানো ঘূৰাই পাম ?
দেশৰ বাবে যে জীৱন কৰিলে দান
কিন্তু চৌদিশে যে বিয়পে শোকৰ ছায়া;
লাগে যে আমাৰ বাবে হেৰুৱালে প্ৰাণ
কেনেকৈ ভেদো বাৰু সংসাৰৰ মায়া ?
আত্মীয়ৰ যে সেই হিয়া ভগা কান্দোন
বোৱালে যে সকলোৱে শোকৰ চকুলো;
এনে লাগে যে আমি দেখি আছোঁ সপোন
আমি যেন এতিয়াও শয়নতে আছোঁ।
হে ঈশ্বৰ সকলোকে দয়া কৰা তুমি !
দয়া কৰি চৌদিশে যে দিয়া সুখ শান্তি !