শোৱাপাটিতে পিতৃয়ে হত্যা কৰিলে পুত্ৰক

শোৱাপাটিতে পিতৃয়ে হত্যা কৰিলে পুত্ৰক

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ কোঁৱৰপুৰত পুৱতি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। নিজৰ পিতৃয়ে দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিলে পুত্ৰক।  সুৰাৰ বাবেই পিতৃৰ হাতত প্রাণ হেৰুৱালে পুত্রই। কোঁৱৰপুৰৰ টেপৰতল গোহাঁই গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পিতৃ ৰমেন বৰুৱাই শোৱাপাটীতে ঘপিয়াই হত্যা কৰে পুত্ৰ দীপু বৰুৱাক। ঘটনাত থিতাতে নিহত হয় পুত্র দীপু বৰুৱা। পুৱতি নিশা ৪ মান বজাত সংঘটিত কৰে এই হত্যাকাণ্ড। পুত্ৰ দীপু বৰুৱাই সুৰা সেৱন কৰি দীৰ্ঘদিন ধৰি পৰিয়ালটোত অশান্তি কৰাৰ অভিযোগ উত্থাপন কৰে। যোৱানিশাও অবৈধ সুৰাৰ ঘাটিত সুৰা সেৱন কৰি ওলাই অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতি। পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰিৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে। নিহত দীপু ম’হপালক আছিল। হত্যাকাণ্ডৰ কথা অকপটে স্বীকাৰ কৰিছে পিতৃয়ে।